Classifieds
View All
গুৱাহাটী, ১৯ জুলাইঃ কাৰ্বি আংলঙত অসম আৰক্ষী আৰু বন বিভাগৰ এটা যুটীয়া দলৰ অভিযানত ১০ টা কেঁকো সাপ সহ ১০ কেজি বনৰৌৰ ছাল উদ্ধাৰ কৰা হয়। উক্ত সামগ্ৰীখিনিৰ লগত আৰক্ষীয়ে দুজন লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।
উক্ত ঘটনা সন্দৰ্ভত বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে টুইটাৰযোগে সদৰি কৰে যে, "অসম আৰক্ষী আৰু বন বিভাগৰ এটা যুটীয়া দলে ১০ টা কেঁকো সাপ সহ ১০ কেজি বনৰৌৰ ছাল উদ্ধাৰ কৰে, যাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত মূল্য প্ৰায় ২ লাখ ২৫ হাজাৰ টকাৰো অধিক।
উক্ত ঘটনাৰ সৈতে জড়িত দুজন লোকক সোধ-পোছৰ বাবে কৰায়ত্ত কৰা হৈছে।"
Comments