Classifieds
View All
গুৱাহাটী, ১৯ জুলাইঃ চীনত বান্দৰৰ বি ভাইৰাছৰ (BV) দ্বাৰা আক্রান্ত হৈ প্ৰথমজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। চীনা ৰোগ নিয়ন্ত্রণ আৰু প্ৰতিৰোধ কেন্দ্ৰই (চীন চি ডি চি) জানিবলৈ দিয়া অনুসৰি বিগত মাৰ্চ মাহৰ আৰম্ভণিতে বেইজিংস্থিত এজন পশু চিকিৎসকে দুটা মৃত বান্দৰ কটাৰ পিছত ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ অসুস্থ হৈ পৰিছিল।
পৰৱৰ্তী সময়ত ৫৩ বছৰীয়া পশু চিকিৎসকজনে বমি অনুভৱ কৰা আৰম্ভ কৰিছিল আৰু এমাহ পিছত চিকিৎসকজনৰ শৰীৰত জ্বৰ আৰু স্নায়বিক লক্ষণবোৰ দেখা গৈছিল।
চিকিৎসক গৰাকীক কেইবাখনো চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও, অৱশেষত ২৭ মে তাৰিখে চিকিৎসক গৰাকীৰ মৃত্যু হোৱা বুলি চীনা ৰোগ নিয়ন্ত্রণ আৰু প্ৰতিৰোধ কেন্দ্ৰই (চীন চি ডি চি) দেওবাৰে জানিবলৈ দিয়ে।
Comments