গুৱাহাটী,১৯ জুলাইঃ উচ্চতম ন্যায়ালয়ে আজি দেশৰ বিভিন্ন ৰাজ্যত আৱাসিক অট্টালিকাত প্ৰতিষ্ঠিত হৈ মানুহৰ দুৰ্দশাৰ সুবিধালৈ লাভজনক উদ্যোগলৈ পৰিণত হোৱা ব্যক্তিগত খণ্ডৰ হাস্পতাল সমূহ বন্ধ কৰি দিব লাগে বুলি মতপোষণ কৰি কয়যে চৰকাৰৰ এইবোৰতকৈ বহুগুণে ভাল হাস্পতাল নিৰ্মাণ কৰাৰ ক্ষমতা আছে।
ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ এম আৰ শ্বাহৰ দ্বাৰা গঠিত খণ্ড বিচাৰপীঠে অাজি কয়যে আৱাসিক অট্টালিকাত থকা ব্যক্তিগত হাস্পতাল বোৰ মাএ মূল্যবান ভূ-সম্পত্তি যিবোৰ মানুহৰ দুৰ্দশাৰ নিৰাময়ৰ পৰিবৰ্তে ধন আহৰণ কৰা যন্ত্ৰত পৰিণত হৈছে। সেইবাবে এইবোৰ বন্ধ কৰি দিব লাগে।
উচ্চতম ন্যায়ালয়ে আজি গুজৰাট চৰকাৰক এনেকুৱা ব্যক্তিগত হাস্পতালক হাস্পতালৰ বিল্ডিং সম্প্ৰসাৰণৰ বাবে অতিৰিক্ত সময় দি জাৰি কৰা নিৰ্দেশটো অতিশীঘ্ৰে উঠাই লবলৈ নিৰ্দেশ দিয়ে।
উচ্চতম ন্যায়ালয়ে আজি গুজৰাটৰ ৰাজকোট আৰু আহমেদাবাদৰ দুখন ক'ভিড হাস্পতালত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনাৰ ওপৰত ভিত্তিকৰি সমগ্ৰ দেশ জুৰি সংঘটিত হোৱা এনেকুৱা দুৰ্ঘটনাৰ সম্পৰ্কে নিজে নিজে গ্ৰহণ কৰা এটা মোকৰ্দমাৰ শুনানী গ্ৰহণ কৰিছিল।
Comments