গুৱাহাটী,১৯ জুলাই:কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ইজৰাইলী পেগাচাছ ছফ্টৱেৰ বিষয়টোক লৈ চৰকাৰক তীব্ৰ সমালোচনা কৰে। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি উকীল,ব্যৱসায়ী,চৰকাৰী বিষয়া,বিজ্ঞানী,কৰ্মী আৰু অন্যান্যলোকৰ ফোননম্বৰ এনএছঅ'ৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। তালিকাখনত ৩০০ তকৈও অধিক ভাৰতীয়ৰ মোবাইল নম্বৰ আছে।
পেগাচাছ হৈছে এটা ইজৰাইলী মালৱেৰ যিয়ে আইফোন আৰু এণ্ড্ৰইড ডিভাইচক আক্ৰমণ কৰে। ই এই মালৱেৰ প্ৰেৰকক ফোনত অহা বাৰ্তা, ফটো আৰু ইমেইল চাবলৈ সক্ষমতা প্ৰদান কৰে। কেৱল সেয়াই নহয়, এই ছফ্টৱেৰে সেই ফোনটোত কল ৰেকৰ্ডও কৰিব পাৰে। এই ছফ্টৱেৰে গোপনে ফোনটোৰ মাইক সক্ৰিয় কৰিব পাৰে।
ইফালে চৰকাৰে ইয়াক নাকচ কৰি কয়, "এই সম্পৰ্কে চৰকাৰৰ ওচৰত কোনো দৃঢ় ভিত্তি বা তথ্য নাই। ভাৰতে গণতন্ত্ৰৰ অংশ হিচাপে দেশৰ নাগৰিকৰ মৌলিক অধিকাৰক নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ"।
দৰাচলতে, ভাৰতৰ এই তথ্যবোৰ প্ৰথমে পেৰিছস্থিত মিডিয়া এনজিঅ' ফৰ্বিডেন ষ্ট'ৰীজ আৰু এমনেষ্টি ইণ্টাৰনেচনেললৈ লিক কৰা হৈছিল। পিছত ইয়াক এক প্ৰতিবেদনৰ অংশ হিচাপে দ্য ৱাশ্বিংটন পোষ্ট, দ্য গাৰ্ডিয়ানকে ধৰি ১৭ টা মিডিয়া প্ৰতিষ্ঠানৰ সৈতে ভাগ বতৰা কৰা হৈছিল। লিক হোৱা তথ্যত ৫০,০০০ তকৈও অধিক ফোন নম্বৰ তালিকাভুক্ত কৰা হৈছে। এইটো বিশ্বাস কৰা হয় যে ২০১৬ চনৰ পৰা ইজৰাইলৰ এনএছঅ'য়ে পেগাচাছ ছফ্টৱেৰৰ জৰিয়তে ভাৰতীয় লোকসকলৰ ওপৰত চোৰাংচোৱাগিৰি কৰি আহিছিল।
Comments