গুৱাহাটী, ২০ জুলাইঃ চলিত মাহৰ আৰম্ভণিতে নগালেণ্ডৰ পৰা গুজৰাটৰ বনসকান্থা জিলাৰ পালানপুৰত অৱতৰণ কৰা ২০ জন সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ) জোৱানৰ বিগত দুসপ্তাহত সম্পন্ন কৰা ক'ভিড-১৯ পৰীক্ষাত পজিটিভ হিচাপে চিনাক্ত হৈছে।
উক্ত জিলা স্বাস্থ্য বিভাগে সদৰি কৰা অনুসৰি, ২০ জন জোৱান, যিসকল লক্ষণহীন আৰু থাৰাদ চহৰত বৰ্তমান চিকিৎসা প্ৰদান কৰি থকা হৈছে, তেওঁলোক ৩ জুলাইত গুজৰাটত উপস্থিত হোৱা ৪৫০ জনীয়া বিএছএফ দলৰ অংশ আছিল।
বি এছ এফৰ স্বাস্থ্য কৰ্মীসকলে জানিবলৈ দিয়ে যে, "দলটো সীমান্তত নিয়োজিত কৰাৰ আগতে কৰা পৰীক্ষাৰ প্ৰথম গোটত ৭ জন জোৱানৰ পৰীক্ষা কৰাত পজিটিভ হিচাপে চিনাক্ত হৈছিল।
পৰৱৰ্তী পৰীক্ষাত ১৩ জন জোৱান আক্রান্ত হোৱা বুলি জানিব পৰা গৈছিল। পৰৱৰ্তী সময়ত ক'ভিড পজিটিভ হোৱা ২০ জন জোৱানক এখন হোষ্টেলত পৃথককৈ ৰাখি চিকিৎসা প্ৰদান কৰি থকা হৈছে। বৰ্তমান ভাইৰাছৰ প্ৰকাৰটো জানিবলৈ গান্ধীনগৰৰ এটা পৰীক্ষাগাৰলৈ নমুনাসমূহ প্ৰেৰণ কৰা হৈছে।"
Comments