গুৱাহাটী, ২০ জুলাইঃ উচ্চতম ন্যায়ালয়ে সোমবাৰে এক আৱেদনৰ ভিত্তিত কয় যে, "আজিকালি চিকিৎসালয়সমূহ বৃহৎ ধন উপাৰ্জনৰ উদ্যোগ হৈ পৰিছে, আৰু এই চিকিৎসালয়বোৰে মানৱ জীৱনসমূহ বিপদত পেলাই আহিছে। ব্যক্তিগত চিকিৎসালয়সমূহক আৰু নাৰ্ছিং হোমসমূহক চৰকাৰে চিকিৎসা সেৱা কৰিবলৈ অনুমতি দিয়াৰ পৰিৱৰ্তে, ৰাজ্য চৰকাৰসমূহে উন্নত চিকিৎসালয় নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।
ইপিনে, উক্ত বিষয় সন্দৰ্ভত ন্যায়াধীশ ডি.ৱাই. চন্দ্ৰচূড় আৰু ন্যায়াধীশ এম.আৰ. শ্বাহৰ বিচাৰমণ্ডলীয়ে উল্লেখ কৰে যে, "চিকিৎসালয়সমূহ মাথো একো একোটা ধন উপাৰ্জনৰ বৃহৎ উদ্যোগহে হৈ পৰিছে। আমি এইসমূহ চিকিৎসালয়ক মানুহৰ জীৱনৰ সৈতে খেলিব দিব নোৱাৰো। এই ধৰণৰ চিকিৎসালয় বন্ধ কৰি দিয়াই ভাল হ'ব।"
উচ্চতম ন্যায়ালয়ে গুজৰাটৰ এখন চিকিৎসালয়ত অগ্নিসংযোগৰ এটা গোচৰৰ শুনানি গ্ৰহণ কৰি আছিল। ন্যায়ালয়ে ৰাজ্য চৰকাৰক চিকিৎসালয়খনক ৰেহাই দিয়া জাননী প্ৰত্যাহাৰ কৰিবলৈ কৈছিল। ন্যায়ালয়ৰ বিচাৰমণ্ডলীয়ে কৈছিল যে এজন ৰোগী যি ক'ভিডৰ পৰা আৰোগ্য হৈছিল আৰু পিছদিনা তেওঁক অব্যাহতি দিব লাগিছিল, কিন্তু অগ্নিকাণ্ডৰ ফলত আৰোগ্য হোৱা লোকজনৰ মৃত্যু হৈছিল আৰু লগতে দুগৰাকী নাৰ্চও জীৱন্ত অৱস্থাত অগ্নিদগ্ধ হৈ মৃত্যুবৰণ কৰিবলগীয়া হৈছিল।
সেয়েহে, উক্ত ঘটনাৰ বাবে উচ্চতম ন্যায়ালয়ে এনেবোৰ দায়িত্বহীন চিকিৎসালয়, যি মাথো ধন উপাৰ্জনৰ লক্ষ্যৰে চিকিৎসালয় স্থাপন কৰে, তেনেবোৰ চিকিৎসালয় বন্ধ কৰি দিয়াই উচিত বুলি উল্লেখ কৰে।
Comments