Choose Language

  • All  
  • English
  • অসমীয়া

কভিড আৰোগ্য হৈ উঠাৰ পিছত এন্টিবডি কিমান মাহলৈ সক্ৰিয় হৈ থাকে! কি কয় বিজ্ঞানীসকলে; জানক


Published on July 20, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

আপুনিও কেতিয়াবা টোপনিত ওখ স্থানৰ সৰি পৰিছে নেকি! জানক ইয়াৰ মূল কাৰণ কি


Published on July 20, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ২০ জুলাইঃ টোপনিৰ সময়ত আমি বিভিন্ন কথা, বিভিন্ন ঘটনা অনুভৱ কৰো। ইয়াৰে কিছুসংখ্যক লোকে টোপনিতে খোজ কাঢ়িবলৈ আৰম্ভ কৰাৰ দৰে ঘটনা কোনো নতুন নহয়। কিন্তু কেতিয়াবা কিছুসংখ্যক লোকে এনেকুৱা অনুভৱ কৰে যে, তেওঁক ওখ স্থানৰ পৰা ঠেলি পেলাই দিয়া হৈছে অথবা অনুভৱ টোপনিতে ওখ স্থানৰ পৰা তললৈ পৰি গৈছে। এই অৱস্থাটোক চিকিৎসা ভাষাত হিপনিক জাৰ্ক (Hypnic Jerk) বা হিপ্নগোগিক জাৰ্ক (Hypnagogic Jerk) বুলি কোৱা হয়। ইয়াৰ ফলত ব্যক্তিজনে হঠাতে শৰীৰত কম্পন অনুভৱ কৰে আৰু উচ্চতাৰ পৰা পৰি যোৱা অনুভৱ হয়, লগতে টোপনিৰ পৰা সাৰ পাই উঠে।

হিপনিক জাৰ্ক (Hypnic Jerk) হৈছে আকস্মিক ভাৱে আৰু কম সময়ৰ বাবে পেশীত অহা কম্পন। যিটো টোপনিৰ প্ৰাৰম্ভিক পৰ্যায়ত হয়। যেতিয়া কোনো লোক টোপনি আৰু সাৰ পোৱাৰ মাজত স্থিতিত থাকে, তেতিয়া সেই ব্যক্তি গৰাকীৰ মগজুৱে শৰীৰৰ সকলো পেশীক শিথিল কৰি তুলে। এই প্ৰক্ৰিয়াটোত পেশীবোৰত এক অনিচ্ছাকৃত কম্পন হ'বলৈ ধৰে, যাক হিপনিক জাৰ্ক (Hypnic Jerk) বুলি কোৱা হয়। 

হিপনিক জাৰ্কৰ (Hypnic Jerk) লক্ষণঃ

১. পেশী বা শৰীৰৰ অংশত কম্পন অনুভৱ কৰা
২. পৰি যোৱা অনুভৱ কৰা
৩. উচাপ খাই উঠা
৪. জঁপিয়াই পৰা, পৰি যোৱা বা লৰচৰ কৰাৰ ভ্ৰম হোৱা
৫. উশাহ চুটি হোৱা
৬. অত্যাধিক পৰিমাণে ঘাম ওলোৱা
৭. বুকুৰ ধপধপনি বৃদ্ধি হোৱা


হিপনিক জাৰ্ক (Hypnic Jerk) কিহৰ কাৰণে হয়

১. মগজুৰ চাপ আৰু উদ্বেগ বৃদ্ধি হ'লে
২. নিচাযুক্ত দ্ৰৱ্য বা নিকোটিন গ্ৰহণ কৰা
৩. শোৱাৰ আগতে ব্যায়াম কৰা
৪. অস্বাভাৱিক টোপনি
৫. অত্যাধিক ভাগৰুৱা অনুভৱ কৰা

হিপনিক জাৰ্ক (Hypnic Jerk) কিদৰে প্ৰতিৰোধ কৰিব

হিপনিক জাৰ্ক (Hypnic Jerk)প্ৰতিৰোধ কৰাৰ কোনো নিৰ্দিষ্ট উপায় নাই, কিন্তু যদিও শৰীৰক কামৰ মাজতো কিছু আৰাম প্ৰদান কৰা অভ্যাস গঢ়ি তুলিব পাৰিলে ইয়াৰ পৰা সকাহ পাব পাৰি।

১. সুৰা, নিচাযুক্ত দ্ৰৱ্য আৰু ধূমপান হ্ৰাস কৰা, বিশেষকৈ শুবলৈ যোৱাৰ পূর্বে এইসমূহ পৰিত্যাগ কৰা।
২. শুবলৈ যোৱাৰ আগতে ব্যায়াম কৰাৰ পৰা বিৰত থকা।
৩. শোৱাৰ ৩০ মিনিট আগতে মোবাইল, টিভি বা অন্যান্য ইলেকট্রনিক বস্তুৰ পৰা দূৰত্ব বৰ্তাই ৰখা। 
৪. দৈনিক উশাহ-নিশাহৰ ব্যায়াম অৱলম্বন কৰা।

Cartoon
View Older

 

October 6, 2022




From Our Archive

Create Account