গুৱাহাটী, ২০ জুলাইঃ ক'ভিড লকডাউনত স্তব্ধহৈ পৰা পৰ্যটন খণ্ডটো পুনৰউজ্জীৱিত কৰি তোলাৰ বাবে মেঘালয় চৰকাৰে নিয়ন্ত্ৰিত ভাৱে পৰ্যটনস্থল সমূহ দুয়োপালি ক'ভিড প্ৰতিষেধক ছিটা লোৱা পৰ্যটকৰ বাবে মুকলি কৰি দিয়াৰ চিন্তা কৰিছে আৰু এই সম্পৰ্কে মেঘালয় কেবিনেটে আলোচনা কৰি অতি শীঘ্ৰে সিদ্ধান্ত ল'ব।
ইতিমধ্যে মেঘালয় চৰকাৰে ৰাজ্যখনৰ সকলো জিলা উপায়ুক্তকে পৰ্যটন ক্ষেত্ৰ লগত জড়িত হোটেল, ৰেস্তুঁৰা আৰু অন্যান্য অংশীদাৰ সকলৰ লগত এই বিষয়ে আলোচনাত মিলিত হৈ নতুন কৌশল নিৰূপণ কৰিবলৈ নিৰ্দেশ দিছে।
পূৱ খাছী জিলাৰ উপায়ুক্তই ইতিমধ্যে পৰ্যটন ক্ষেত্ৰৰ অংশীদাৰ সকলৰ লগত আলোচনা আৰম্ভ কৰিছে।
শ্বিলং হোটেল সন্থাৰ সভাপতি পৰমবীৰ সিঙে মেঘালয় চৰকাৰৰ এই উদ্যোগক আদৰণী জনাই কয় যে নিয়ন্ত্ৰিত ভাৱে সকলো সতৰ্কতা অৱলম্বন কৰা পৰ্যটন ক্ষেত্ৰটো মুকলি কৰি দিলে ইয়াৰ ওপৰত নিৰ্ভৰশীল হাজাৰ হাজাৰ লোক উপকৃত হ'ব। তেওঁ আৰু কয় যে যিহেতু ক'ভিড অতি সোনকালে নোহোৱা হৈ নাযায়, পৰ্যটন ক্ষেত্ৰটোৱে ক'ভিডৰ সৈতে সহৱস্থান কৰাৰ বাহিৰে বেলেগ উপায় নাই।
Comments