গুৱাহাটী, ২০ জুলাইঃ আজিকালিৰ যুগত নিশা প্ৰায় বহুসংখ্যক লোকে খাদ্য গ্রহণ নকৰাকৈ শুবলৈ পছন্দ কৰে। কিয়নো তেওঁলোকে অনুভৱ কৰে যে এনে কৰাৰ দ্বাৰা, তেওঁলোকে এক স্বাস্থ্যৱান জীৱন যাপন কৰিব পাৰিব। কিন্তু তেওঁলোকে নাজানে যে এনে কৰাটো তেওঁলোকৰ স্বাস্থ্যৰ বাবে কিমান ক্ষতিকৰ।
প্ৰায়ে, ঘৰৰ জ্যেষ্ঠসকলে কয় যে আমি ৰাতিপুৱাৰ আহাৰ ৰজাৰ দৰে খাব লাগে, আৰু ৰাতিৰ আহাৰ ভোকাতুৰৰ দৰে, কিন্তু আজিকালিৰ লোকসকলে এই বাক্যশাৰী অলপ বেছি গুৰুত্বসহকাৰে লয়, ফলত ৰাতিৰ আহাৰ গ্ৰহণৰ পৰা আঁতৰি থাকে। কিন্তু এনে কৰাৰ ফলত যে লাহে লাহে বিপদৰ দিশে আগবাঢ়িব পাৰে।
ৰাতি খাদ্য গ্ৰহণ নকৰিলে কি কি সমস্যাই দেখা দিয়েঃ
১. নিশা আহাৰ গ্ৰহণ নকৰাৰ ফলত, টোপনি নোহোৱাৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে। পিছলৈ সদায়ে এই বদ অভ্যাসবোৰ গঢ়ি উঠিলে নিশা টোপনি কমকৈ হোৱা বেমাৰলৈ পৰিবৰ্তিত হ'ব পাৰে।
২. ৰাতিৰ আহাৰৰ পৰা নাখালে শৰীৰৰ পেশী দুৰ্বল হ'ব পাৰে। খালী পেটত শুলে শৰীৰত প্ৰ'টিন আৰু এমিনো এচিডৰ দক্ষতা প্ৰভাৱিত হয়। ইয়াৰ ফলত পেশীবোৰ দুৰ্বল হৈ পৰে।সেয়েহে, পেশীবোৰ শক্তিশালী ৰাখিবলৈ আৰু পিছদিনাৰ বাবে সক্ৰিয় হৈ থাকিবলৈ সদায়ে সঠিক সময়ত আৰু সঠিকভাৱে আহাৰ গ্ৰহণ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ।
৩. ৰাতি আহাৰ গ্ৰহণ নকৰাকৈ শুলে শৰীৰত শক্তিৰ স্তৰ কমি যাব পাৰে। যাৰ ফলত পিছদিনালৈ শৰীৰতো অতি দুৰ্বল আৰু ভাগৰুৱা অনুভৱ কৰা যায়। ই শৰীৰৰ অন্য ক্ষেত্ৰতো ক্ষতি কৰিব পাৰে।
৪. ৰাতি একো নোখোৱাকৈ ভোকত শুলে টোপনি ভাল নহয়। ইয়াৰ ফলত, মানসিক অশান্তি, খং বৃদ্ধি হয়। পিছলৈ ই লাহে ললাহেএক অভ্যাসলৈ পৰিণত হৈ পৰে। সেয়েহে, খালী পেটত শুই থকাৰ অভ্যাস আঁতৰ কৰিব লাগে। যাতে শৰীৰটোক সদায়ে স্বাস্থ্যৱান কৰি ৰাখিব পাৰি।
Comments