Classifieds
View All
গুৱাহাটী, ২১ জুলাইঃ হায়দৰাবাদৰ এজন ব্যৱসায়ীয়ে অন্ধ্ৰপ্ৰদেশৰ তিৰুমালা তিৰুপতি বালাজী মন্দিৰত ভগৱান ভেঙ্কটেশ্বৰক ১ কোটি টকাৰ মূল্যৰ তৰোৱাল আগবঢ়ায়।
মন্দিৰ পৰিচালনা সমিতিৰ এজন বিষয়াই জানিবলৈ দিয়া অনুসৰি, তৰোৱালখনৰ ওজন প্ৰায় ৫ কিলোগ্ৰাম, আৰু ইয়াত দুই কিলোগ্ৰাম সোণ আৰু তিনি কিলোগ্ৰাম ৰূপ সংযোজন হৈ আছে। তৰোৱালখন তামিলনাডুৰ কইম্বাটুৰৰ বিশেষজ্ঞ সোণাৰীৰ দ্বাৰা তৈয়াৰ কৰা হৈছিল আৰু প্ৰস্তুত হৈ উঠিবলৈ প্ৰায় ছয় মাহ সময় লাগিছিল।
তিৰুমালা-তিৰুপতি দেৱস্থানম (টিটিডি)ৰ অতিৰিক্ত কাৰ্যবাহী বিষয়া এ ভেংকট ধৰ্ম ৰেড্ডীয়ে ব্যৱসায়ীজনে আগবঢ়োৱা 'সুৰিয়াকাটাৰী' নামৰ যুঁজাৰু অস্ত্ৰ হিচাপে জনাজাত তৰোৱালখন গ্রহণ কৰে। জানিব পৰা মতে ব্যৱসায়ীজনে তেওঁৰ পত্নীৰ সৈতে মন্দিৰৰ বিষয়াসকলক তৰোৱালখন প্ৰদান কৰে।
Comments