গুৱাহাটী,২১ জুলাই:এই পৃথিৱীত এনে বহুতো মানুহ আছে যিয়ে কিছুমান পৃথক কাম কৰি ভাল পায়। আপুনি হয়তো মাজে সময়ে এনে বহু ভাৰতীয় অটো চালকৰ কাহিনী দেখিছে বা শুনিছে যিয়ে যাত্ৰীৰ সুবিধাৰ বাবে নিজৰ অটোখনক আতকধুনীয়া কৰি তোলে কিন্তু চেন্নাইৰ অটো চালক আন্না দুৰাই এইসকলোবোৰতকৈ কিছু পৃথক।আন্না দুৰাইৰ এই অটোখন ভাৰত বিখ্যাত।
চেন্নাইৰ এগৰাকী প্ৰখ্যাত অটো ড্ৰাইভাৰ আন্না দুৰাইৰ অটোত এটা কেফেৰ দৰে গ্ৰাহকৰ বাবে সকলো প্ৰাথমিক সুবিধা আছে। টিভি,ফ্ৰীজ,চকলেট,পেপাৰ,আলোচনী ক'ভিডৰ বাবে মাস্ক,চেনিটাইজাৰ,আইপেড আৰু মোবাইল চাৰ্জাৰৰ দৰে সকলো সামগ্ৰী এইখন অটোত আছে। তাৰোপৰি গ্ৰাহকৰ ধন পৰিশোধৰ বাবে অটোত আছে এটা এটিএম কাৰ্ড স্কেনাৰ ।
আন্না এগৰাকী অনুপ্ৰেৰণামূলক বক্তাও,আন্নাই সৰুৰে পৰা এজন ব্যৱসায়ী হ'ব বিচাৰিছিল।কিন্তু তেওঁৰ ঘৰৰ অৰ্থনৈতিক অৱস্থাৰ বাবে তেওঁৰ এই সপোন পূৰণ কৰিব পৰা নাছিল। সেয়েহে ইচ্ছা নাথাকিলেও আন্না এগৰাকী অটো ড্ৰাইভাৰ হৈ পৰিছিল, কিন্তু তেওঁ এগৰাকী সাধাৰণ অটো ড্ৰাইভাৰৰ জীৱনতকৈ অসাধাৰণ কিবা এটা কৰাৰহে সিদ্ধান্ত গ্ৰহণ কৰিছিল। যাৰ সুন্দৰ আৰু পৃথক প্ৰতিফলন তেখেতৰ অটোত পোৱা যায় ।
Comments