গুৱাহাটী,২২ জুলাই:শেহতীয়াকৈ থাওৰা সমষ্টিৰ বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যুৱ নেতা সুশান্ত বৰগোহাঁয়ে বিজেপি গমন কৰিব বুলি গুজৱ উঠিছিল ৷ মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিজেপি গমনৰ লগে লগেই চৰ্চালৈ আহিছিল সুশান্ত বৰগোঁহাইৰ নাম ।
বিজেপিত যোগদানৰ প্ৰসংগত কৌশলী স্থিতি অৱলম্বন কৰি সুশান্ত বৰগোহাঁয়ে পূৰ্বৰ দৰেই কয় যে, সদ্যহতে তেওঁ তেনেকুৱা কোনো সিদ্ধান্ত লোৱা নাই । যদি এনে সিদ্ধান্ত থাকে পলায়নবাদী স্থিতি গ্ৰহণ নকৰাকৈ সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজক জনাই হে এই কাম কৰিব ৷
একাংশ বিজেপি মন্ত্ৰী-বিধায়কৰ সৈতে থকা তেওঁৰ ঘনিষ্ঠতাৰ বাবেই এইকথা মাজে মাজে চৰ্চালৈ আহে বুলিও মন্তব্য কৰে তেওঁ ৷ বিধায়ক বৰগোঁহাই একালৰ প্ৰবল প্ৰতাপী কংগ্ৰেছী মন্ত্ৰী তথা বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে যথেষ্ট ঘনিষ্ঠ হোৱাৰ কথা সৰ্ববিদিত ।
Comments