গুৱাহাটী, ২৩ জুলাইঃ বলীউডৰ মহাতাৰকা অক্ষয় কুমাৰে ক'ভিড-১৯ মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ মাজত সংগ্ৰাম কৰি থকা শিল্পীসকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যৰে ৫০ লাখ টকাৰ অনুদান আগবঢ়ায়। উক্ত অনুদানখিনি আৰ এছ এছৰ সহযোগী সংস্কাৰ ভাৰতীক আগবঢ়োৱা হয়।
সংস্কাৰ ভাৰতীয়ে ক'ভিড-১৯ মহামাৰীত বিপৰ্যস্ত হোৱা শিল্পীসকলক বিত্তীয় সাহায্য আগবঢ়োৱা হেতুকে পুঁজি সংগ্ৰহ কৰি আহিছে। এই পুঁজি সংগ্ৰহৰ বাবে, শেহতীয়াকৈ বিজেপি সাংসদ তথা গায়ক হংস ৰাজৰ অধীনত এখন সমিতি গঠন কৰা হৈছিল।
ইপিনে, আৰ এছ এছৰ সাংস্কৃতিক শাখাই জনায় যে অভিনেতা অক্ষয় কুমাৰে আগবাঢ়ি আহি ক'ৰনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ ফলত বিত্তীয় সংকটৰ সন্মুখীন হোৱা শিল্পীসকলক সহায় কৰিবলৈ ৫০ লাখ টকাৰ বৰঙনি আগবঢ়াইছে লগতে মহামাৰীৰ ফলত বিপৰ্যস্ত হোৱা শিল্পীসকলক সহায় কৰিবলৈ আন সকলো তাৰকাক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে।"
সংস্কাৰ ভাৰতীয়ে কিছুদিন পূৰ্বে শিল্পীসকলক আৰ্থিক সাহায্য প্ৰদানৰ উদ্দেশ্যৰে পুঁজি সংগ্ৰহ কৰিবলৈ এটা ভাৰ্চুৱেল কনচাৰ্টৰ আয়োজন কৰিছিল, যাৰ দৰা লোকসকলে অনুদান আগবঢ়াই বিপৰ্যস্ত হোৱা শিল্পীসকলক সহায় কৰিব পাৰে। উক্ত ভাৰ্চুৱেল অনুষ্ঠানটোত পণ্ডিত বিৰজু মহাৰাজ, আমজাদ আলী খান, সোনল মানসিং, চনু নিগম, অক্ষয় কুমাৰ আদি বিশিষ্ট ব্যক্তিসকলে অংশগ্রহণ কৰিছিল।
Comments