গুৱাহাটী, ২৩ জুলাইঃ টকিঅ' অলিম্পিকৰ প্ৰথম দিনা মহিলাৰ ব্যক্তিগত ৰেংকিং ৰাউণ্ডত পুৱা ৫:৩০ বজাত দীপিকা কুমাৰীয়ে আত্মপ্ৰকাশ কৰিছে। পুৱা ৯:৩০ বজাত - অতনু দাস, প্ৰবীণ যাদৱ আৰু তৰুণদীপ ৰায় পুৰুষৰ ব্যক্তিগত ৰেংকিং ৰাউণ্ডত থাকিব।
দীপিকা কুমাৰীয়ে ১২ টা ছেট সম্পূৰ্ণ কৰাৰ পিছত নৱম স্থান লাভ কৰে। কোৰিয়াৰ এন চোনে ৰেংকিং ৰাউণ্ডত শীৰ্ষস্থান দখল কৰে আৰু ৬৮০ নম্বৰৰ সৈতে অলিম্পিক ৰেকৰ্ড স্থাপন কৰে। ভাৰতৰ দীপিকা কুমাৰী ১০ টা ছেট সম্পূৰ্ণ কৰাৰ পিছত ষষ্ঠ স্থানত আছে।
ইপিনে, দক্ষিণ কোৰিয়াৰ শ্বুটাৰসকলে শীৰ্ষ ৩ টা স্থান সুৰক্ষিত কৰি ৰাখিছে। দীপিকা কুমাৰীয়ে ৫ ছেটৰ পিছত নৱম স্থানত আছে। দীপিকাৰ ২৭৭ পইণ্ট আছে।
আনহাতে, কোৰিয়াৰ আন চানে ২৮৭ পইণ্টৰ সৈতে শীৰ্ষস্থানত উপনীত হৈছে। দীপিকা কুমাৰীয়ে ভাৰতীয় সময় মতে পুৱা ৫:৩০ বজাৰ পৰা মহিলাৰ ব্যক্তিগত ৰেংকিং ৰাউণ্ডত ভাৰতক প্ৰতিনিধিত্ব কৰিছে।
Comments