গুৱাহাটী,২৩ জুলাই:কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে বৃহস্পতিবাৰে জনাইছে যে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন দিশৰ বিষয়বস্তু সমূহ এনচিইআৰটি পাঠ্যপুথিত বিস্তৃত ভাৱে অন্তৰ্ভুক্ত কৰা হৈছে।
বিজেডিৰ সাংসদ সুজিত কুমাৰৰ এক প্ৰশ্নৰ উত্তৰত এনচিইআৰটিৰ পাঠ্যক্ৰমক ইতিহাস, ভূগোল, ৰাজনীতি বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ দৰে বিষয়সমূহত উত্তৰ-পূৰ্বাঞ্চলৰ বিষয়বস্তুক অন্তৰ্ভুক্ত কৰিছে।
ইয়াৰ উপৰিও, এনচিইআৰটিয়ে Women of North-East India: Making a Difference” and “North East India: People, History, and Culture” নামৰ কিতাপ দুখন প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পঢ়াৰ ব্যৱস্থা কৰা হৈছে ।
লক্ষণীয়ভাৱে, এই বছৰৰ জুন মাহত উত্তৰ-পূব ভাৰতৰ আঠখন ৰাজ্য - অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ শিক্ষাৰ্থী, শিক্ষাবিদ, ৰাজনীতিবিদ আৰু শিক্ষাকৰ্মীসকলে টুইটাৰত AchapterforNE আৰু NortheastMatters অভিযানেৰে প্ৰতিবাদ সাৱ্যস্ত কৰিছিল।
Comments