গুৱাহাটী,২৩ জুলাই:উত্তৰ-পূৰ্বাঞ্চলৰ জনপ্ৰিয় ইউটিউবাৰ 'ইংলিছ মেকাৰে’ মহেন্দ্ৰ বসুমতাৰীৰ পৰিয়ালৰ বাবে এটা ভ্লগ বনাই ২৪ ঘণ্টাৰ ভিতৰতে সংগ্ৰহ কৰে ৫ লাখ ৭৩ হাজাৰ টকা । বিগত বছৰত অসমৰ বান সমস্যাৰ সময়তো ১ লাখতকৈও অধিক টকা অনলাইন মাধ্যমেৰে সংগ্ৰহ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল ইংলিছ মেকাৰে ।
মহেন্দ্ৰৰ পৰিয়ালত ৯ জন সদস্য তাৰে দুজন সদস্যৰ পলিঅ' হোৱাৰ বাবে খোজ কাঢ়িব নোৱাৰে । ঘৰৰ অৱস্থাও তেনেই পুতৌজনক, ইংলিছ মেকাৰে হাস্যৰসিক ভাৱে তেওঁলোকৰ অসুবিধা সমূহৰ কথা মানুহক অৱগত কৰিছিল ।
মহেন্দ্ৰৰ ভনীয়েক এজনী আছে,তাই খোজ কাঢ়িব নোৱাৰে কিন্তু ভিডিঅ'টোত তাই স্পষ্টকৈ কৈছে ইংৰাজী ভাষা । তেওঁ ডাঙৰ হৈ এগৰাকী শিক্ষক হ'ব বিচাৰে আৰু তেওঁৰ ’হবী’ লিখা মেলা কৰা । এনেবোৰ কথাৰ পিছত এই ভিডিঅ'টো ভাইৰেল হৈ পৰে আৰু ২৪ ঘণ্টাৰ ভিতৰতে তেওঁলোকক সহায় কৰাৰ বাবে ৫ লাখ ৭৩ হাজাৰ টকা ইংলিছ মেকাৰে সংগ্ৰহ কৰে ।
Comments