গুৱাহাটী,২৩ জুলাই:কৰ্মই ধৰ্ম ইয়াকে যেন প্ৰতিফলিত কৰিলে নলবাৰীৰ এজন উদীয়মান আৰু শিক্ষিত যুৱকে । প্ৰত্যেক দিনে ২৮ কিলোমিটাৰ বাট চাইকেল মাৰি নলবাৰী কলেজ পৰা ৰাজনীতি বিজ্ঞান বিভাগত স্নাতক উত্তীৰ্ণ সোনমণি হালৈৰ জীৱন যুদ্ধৰ সঁচা কাহিনীয়ে সকলোকে আপ্লুত কৰি তুলিছে । তেওঁ স্নাতক উত্তীৰ্ণ হোৱাৰ পিছৰে পৰা স্থায়ী সংস্থাপন লাভ কৰিব নোৱাৰি গুৱাহাটী মহানগৰৰ বেলতলাত শাক পাচলি দোকান দি আহিছে। আজি ৫ টা বছৰে তেওঁ বেলতলাৰ ছাৰ্ভেত দোকান দি আহিছে। শাক পাচলিৰ দোকান খনেৰে তেওঁ স্ব-নিৰ্ভৰশীল হ'বলৈ শিকিছে ।
তেওঁ কৈছিল,"দোকানত পাচলি কিনিব অহা বহুত মানুহে মোক প্ৰেৰণা দিয়ে। অসমীয়া ল'ৰা দোকান দিয়াই ভাল লগা বুলি কয়। আজিকালি অসমীয়া ল'ৰাই ফুতপাথত দোকান নিদিয়ে তুমি দিছা আমাৰ ভাল লাগিছে বুলি কয়। বৰষুণ দিলে মই ঠেলাত দোকান দিও। সেই বোৰ কথাই মোক বহুত প্ৰেৰণা দিয়ে। এইখন সৰু দোকানৰ পৰা মই এতিয়া আৰু তিনিখন দোকান বৃদ্ধি কৰিলোঁ।"
"মোৰ দোকানত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া মাহত তিনি বাৰ মান আহে। মোক প্ৰেৰণা দিয়ে। মোৰ লগত তেওঁৰ ভাল চিনাকী। দিলীপ শইকীয়া ডাঙৰীয়াক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছো। মই ২০১৪ চনৰ পৰা দোকান দিছোঁ। গুৱাহাটীত কিবা কৰিম বুলি আহোঁতে গাঁৱৰ পৰা হাজিৰা কৰি পোৱা ১৪০০ টকা লগত লৈ গুৱাহাটী আহিছিলো। আজি পাচলি দোকান দি মই যিখিনি কৰিছো মোৰ দোকান আহিলে দেখা পাব। মোৰ দোকান হৈছে বেলতলা চাৰ্ভেত । সকলো অসমীয়া যুৱ বন্ধুক মই আহ্বান জনাইছোঁ যে কৰ্ম কৰক লাজ নকৰিব। এটা চাকৰিৰ কাৰণে আমি ১০০ জন ল'ৰাই কষ্ট কৰোঁ। চাকৰি পাব কিন্তু এজনেহে। চাকৰিৰ পিছত দৌৰি সময় নষ্ট নকৰিব । ফুট পাথত দোকান দি মাহত ধুনীয়াকৈ ৩০,০০০ টকা ইনকাম কৰিব পাৰিব।"
Comments