টংলাৰ নিজা প্রতিবেদক আৰু ওদালগুৰিৰ নিজা বাতৰি দিওঁতা, ২২ জুলাই ঃ ওদালগুৰি জিলাৰ চিকাৰীডাংগাৰ লালপানী আৰক্ষী চকীত আজি আৰক্ষীৰ ওচৰত আত্মসমর্পণ কৰে নেশ্যনেল লিবাৰেশ্যন ফ্রণ্ট অব৲ বডোলেণ্ড চমুকৈ এন এল এফ বি নামৰ সংগঠনটোৰ কেইবাজনো নেতা-সদস্যই৷ অসম-অৰুণাচল প্রদেশ সীমান্তৰ জংঘলৰ পৰা উগ্রপন্থী সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ এম বাথা, সভাপতি আই বি বিথুংৰা ইছলাৰী, উপ-সভাপতি বকো বসুমতাৰীৰ নেতৃত্বত ২০জন সদস্যই অস্ত্র-শস্ত্রসহ আজি দুপৰীয়া ওদালগুৰি জিলাৰ চিকাৰীডাংগাত উপস্থিত হয়৷
আৰক্ষীয়ে আটাইকেইজনকে কঠোৰ নিৰাপত্তাৰ মাজেৰে লালপানী আৰক্ষী চকীলৈ আগবঢ়াই নিয়ে৷ এই আৰক্ষী চকীতে মন্ত্রী পীয়ুষ হাজৰিকা, বি টি আৰৰ মুখ্য কার্যবাহী প্রমোদ বড়োৱে এন এল এফ বিৰ দলটোক গামোচা আৰু আৰনাইৰে মূলসঁুতিলৈ আদৰণি জনায়৷ মন্ত্রী পীয়ুষ হাজৰিকাই কয়, ‘এন এল এফ বিৰ নেতাসকলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ আহবানৰ প্রতি সঁহাৰি জনাই সশস্ত্র পন্থা ত্যাগ কৰি সমাজৰ মূলসঁুতিলৈ উভতি অহা কার্যক আমি আদৰিছোঁ৷’
পৰৱর্তী পর্যায়ত সংগঠনটোৰ সৈতে আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান কৰা হ’ব বুলিও সাংবাদিকৰ আগত ব্যক্ত কৰে৷ আনহাতে বি টি আৰৰ মুৰববী প্রমোদ বড়োৱে কয় যে কিছুদিনৰ পূর্বে বিশেষ পৰিস্থিতিত একাংশ যুৱকে শান্তি প্রক্রিয়াৰ পৰা ফালৰি কাটি সশস্ত্র পথলৈ পুনৰ উভতি গৈ এন এল এফ বি সংগঠনৰ সৃষ্টি কৰিছিল৷
কিন্তু বর্তমান পূর্বতকৈ শৈক্ষিক, সামাজিক বাতাৱৰণ উন্নত হৈছে৷ গতিকে বড়ো জনগণৰ সমস্যা সমাধানৰ পথ পূর্বতকৈ মসৃণ হৈ উঠিছে৷ তেনে পৰিৱেশত এন এল এফ বিৰ নেতাসকলে সমাজৰ মূলসঁুতিলৈ উভতি আহি বি টি আৰ আৰু বড়ো জনসাধাৰণৰ উন্নতিৰ ধাৰাক অধিক ত্বৰান্বিত কৰিলে বুলি অভিহিত কৰে৷ হিংসাই কোনো সমস্যাৰ সমাধানৰ নকৰে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত অসম আৰক্ষীয়ে এন এল এফ বিক সমাজৰ মুখ্য ধাৰালৈ ওভতাই অনাৰ বাবে কৰা সফল প্রচেষ্টাৰ তেওঁ শলাগ লৈ ধন্যবাদ জ্ঞাপন কৰে৷
অনুষ্ঠানত মুখ্যমন্ত্রীৰ ৰাজনৈতিক উপদেষ্টা জয়ন্ত মল্ল বৰুৱা, বিধায়ক গোবিন্দ চন্দ্র বসুমতাৰী, বি টি আৰৰ কার্যবাহী সদস্য নিলুট স্বর্গীয়াৰী, এ ডি জি পি জি পি সিং, ডি আই জিপার্থ সাৰথি মহন্ত আদি উচচপদস্থ বিষয়াসকল উপস্থিত থাকে৷ আদৰণিৰ আনুষ্ঠানিকতাৰ পাছতে আৰক্ষীৰ নিৰাপত্তাৰ মাজেৰে এন এল এফ বিৰ দলটোক গুৱাহাটীলৈ লৈ যায়৷
Comments