গুৱাহাটী, ২৬ জুলাইঃ আজি অনুষ্ঠিত হোৱা লোকসভা আৰু ৰাজ্য়সভাৰ সদনকালত বহুসংখ্যক সাংসদে টকিঅ' অলিম্পিকত ভাৰতৰ হৈ ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা চাইখোম মীৰাবাই চানুক অভিনন্দন জ্ঞাপন কৰে।
সদনকালত প্ৰায়সংখ্যক সাংসদে খেলুৱৈ গৰাকীৰ প্ৰদৰ্শনক লৈ ভূয়সী প্ৰশংসা কৰাৰ লগতে ভাৰতীয় ভাৰোত্তোলক মীৰাবাই চানুৱে টকিঅ'ত মহিলাৰ ৪৯ কিলোগ্ৰাম ভাৰোত্তোলনত ঐতিহাসিক বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হোৱা বুলিও সংসদে অভিহিত কৰে।
ইপিনে, আজিৰ সদনত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই মীৰাবাই চানুক শুভেচ্ছা জনায় কয় যে, "মীৰাবাই চানুৱে ভাৰতৰ হৈ অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। মই মীৰাবাই চানুক শুভেচ্ছা জনাবলৈ পাই অত্যন্ত আনন্দিত হৈছো। মই মহান খেলুৱৈ গৰাকীক সদনৰ হৈ অভিনন্দন জনাইছো। মই আশা কৰোঁ যে আন খেলুৱৈসকলেও মীৰাবাইৰ দৰে ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হ'ব আৰু দেশৰ বাবে সুনাম কঢ়িয়াই আনিব।"
Comments