গুৱাহাটী, ২৭ জুলাইঃ ক'ৰনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ ফলত দেশখনে সন্মুখীন হোৱা অৰ্থনৈতিক সংকট দূৰ কৰিবলৈ মুদ্ৰা নোট ছপা কৰাৰ চৰকাৰৰ কোনো পৰিকল্পনা নাই বুলি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বৰ্ষাকালীন অধিবেশনত মন্তব্য প্ৰকাশ কৰে।
সীতাৰমণে লগতে কয় যে, "২০২০-২১ বৰ্ষত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি) প্ৰায় ৭.৩ শতাংশ হ্ৰাস পাইছে, কিন্তু অৰ্থনীতিৰ মৌলিক বিষয়বোৰ এতিয়াও শক্তিশালী হৈ আছে। কিয়নো দেশখনত ক্ৰমান্বয়ে লকডাউন অন্ত পৰি আহিছে। চৰকাৰে আত্মনিৰ্ভৰ ভাৰত মিছনৰ দৃঢ় সমৰ্থনৰ ফলত দেশখনৰ ২০২০-২১ বিত্তীয় বৰ্ষৰ অৰ্থনীতিক পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।"
ইয়াৰ পূৰ্বে মাৰ্চ মাহত চৰকাৰে সংসদক জনাইছিল যে বিগত দুবছৰত ২,০০০ টকাৰ মুদ্ৰা নোট ছপা হোৱা নাই।
ইপিনে, বিত্ত ৰাজ্যিক মন্ত্ৰী অনুৰাগ ঠাকুৰে জনায় যে, "২০১৯-২০ আৰু ২০২০-২১ বৰ্ষত, ২০০০ টকা মূল্যৰ নোট ছপা কৰাৰ বাবে কোনো আদেশ দিয়া হোৱা নাই।" মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, "জনসাধাৰণৰ লেনদেনৰ চাহিদা বৰ্তাই ৰখাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (আৰবিআই) সৈতে আলোচনা কৰি চৰকাৰে এক নিৰ্দিষ্ট মূল্যৰ নোট ছপা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
Comments