Cartoon
View Older
গুৱাহাটী,২৫ জুলাই:উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ মাজৰ বাকযুদ্ধই সদায় বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। এইবাৰ, তেওঁলোকৰ কাজিয়াৰ কাৰণ হৈছে ফলৰ ৰজা আম, যি তেওঁলোকক ইজনে সিজনক লক্ষ্য কৰাৰ সুযোগ দিছে।
শেহতীয়াকৈ সামাজিক মাধ্যমত ৰাহুল গান্ধীৰ এটা ভিডিঅ' ভাইৰেল হৈ আছে য'ত তেওঁ উপলুঙা সূচক মন্তব্যৰে উত্তৰ প্ৰদেশৰ আম ভাল নাপায় বুলি কোৱা পৰিলক্ষিত হৈছিল। মুখ্যমন্ত্ৰী যোগীয়ে ওলোটাই তেওঁক ইয়াৰ বাবে সমালোচনা কৰে।
মুখ্যমন্ত্ৰী যোগীয়ে ৰাহুল গান্ধীক উদ্দেশ্যে কৈছিল, 'তেওঁ উত্তৰ প্ৰদেশৰ আম ভাল নাপায়, ৰাহুল গান্ধী ডাঙৰীয়া আপোনাৰ সোৱাদ সদায় বিভাজনকাৰীৰ দৰেই।
সমগ্ৰ দেশ আপোনাৰ বিভাজনকাৰী সংস্কাৰৰ সৈতে পৰিচিত। মনত ৰাখিব যে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে ভাৰতৰ আমৰ 'সোৱাদ' একেই ।
Comments