গুৱাহাটী, ২৬ জুলাইঃ ডিফু চহৰৰ ওচৰৰ মাটিপুং ৰাংকন্থিম অঞ্চলত এক জঘন্য বলৎকাৰৰ ঘটনা। ১৫ বছৰীয়া এগৰাকী কণমানি কিশোৰীক এজন মন্দিৰৰ পুৰোহিতে কোনো নোহোৱাৰ সুযোগ লৈ জঘন্যভাৱে বলাৎকাৰ কৰে।
ঘটনা অনুসৰি, ১৫ বছৰীয়া কিশোৰীগৰাকীয়ে অনলাইন পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ এসপ্তাহৰ পৰা পুৰোহিতৰ ঘৰত বাস কৰি আছিল। কিশোৰীগৰাকীৰ পুৰোহিতজনৰ সৈতে কোনো ঘৰুৱা সম্পর্ক নাছিল যদিও কিশোৰীগৰাকীৰ নিজ বাসগৃহত নেটৱৰ্কৰ অসুবিধাৰ বাবে বিশ্বাসত পুৰোহিতজনৰ ঘৰত পৰীক্ষাৰ বাবে থাকিবলৈ গৈছিল।
ইপিনে, ভেলচন টিচো নামৰ ভণ্ড পুৰোহিতজনে সুৰাৰ নিচাত এই অপৰাধ কাণ্ড সংঘটিত কৰিছিল আৰু এই ধৰ্ষণৰ ঘটনাটো প্ৰায় ৪ দিন পূর্বে ২২ জুলাইত সংঘটিত হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। বলৎকাৰৰ ঘটনা সংঘটিত কৰাৰ দিনা আন এগৰাকী ছোৱালীক পুৰোহিতজনে সুৰা সেৱন কৰিবলৈ বাধ্য কৰিছিল আৰু পিছত, পৰিস্থিতিৰ সুযোগ লৈ, পুৰোহিতজনে ভুক্তভোগী ছোৱালীজনীক ধৰ্ষণ কৰে।
ধৰ্ষণকাণ্ড সংঘটিত কৰি ছোৱালীজনীক পুৰোহিতজনে আৱদ্ধ কৰি ৰাখিছিল। পৰৱৰ্তী সময়ত কিশোৰীগৰাকীয়ে কোনোমতে পুৰোহিতজনৰ ঘৰৰ পৰা পলাই আহিবলৈ সক্ষম হয়। পৰৱৰ্তী সময়ত কাৰ্বি আংলং মহিলা ন্যায় মঞ্চ আৰু ইউনাইটেড কাৰ্বি আংলং মহিলা সংস্থাই ভণ্ড পুৰোহিতজনক আটক কৰি আৰক্ষীক গতাই দিয়ে।
Comments