Cartoon
View Older
গুৱাহাটী, ২৬ জুলাইঃ চেন্নাই বিমানবন্দৰত শুল্কে বিভাগে অভিযান চলাই ৮.১৭ কিলোগ্ৰাম ওজনৰ সোণ জব্দ কৰা হৈছে। উক্ত সোণখিনি ডুবাইৰ দুজন চোৰাং সোণ সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰা হৈছে বিমানবন্দৰ শুল্ক বিভাগে জানিবলৈ দিয়ে।
শুল্ক বিভাগে জনোৱা অনুসৰি, দেওবাৰে দুজন যাত্ৰী ডুবাইৰ পৰা আহিছিল, আৰু পৰৱৰ্তী সময়ত শুল্ক বিভাগে পৰীক্ষা কৰাৰ পিছত, উক্ত সোণখিনি ডুবাইৰ লোকদুজনে ঘৰত ব্যৱহৃত প্ৰেছাৰ কুকাৰ, মিক্সাৰ-জুচাৰ, খাদ্যৰ টেমা আৰু স্বাস-প্ৰশ্বাসত ব্যৱহৃত হোৱা নেবুলাইজাৰত লুকুৱাই আনিছিল।
আনহাতে উদ্ধাৰ হোৱা ৮.১৭ কিলোগ্ৰাম ওজনৰ সোণখিনিৰ বজাৰ মূল্য প্ৰায় ৪.০৩ কোটি টকা হ'ব বুলি শুল্ক বিভাগে জানিবলৈ দিয়ে।
Comments