ডিমৌ ঃ নিজা প্রতিবেদক, ২৮ জুলাই ঃ ‘থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে বিজেপিলৈ যোৱাটো নিশ্চিত৷ ইতিমধ্যে তেওঁ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে হোৱা আলোচনাত বিজেপিলৈ যোৱাটো নিশ্চিত কৰিছে আৰু অচিৰেই কংগ্রেছত যোগদান কৰিম বুলি কৈছে’–আজি থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁইৰ ৰাইচাইস্থিত বাসগৃহত হোৱা আধাঘণ্টা ৰুদ্ধদ্বাৰ বৈঠকৰ অন্তত সাংবাদিকৰ আগত এই কথা প্রকাশ কৰে অসম প্রদেশ কংগ্রেছ কমিটীৰ সদ্য নিযুক্ত কার্যকৰী সভাপতি ৰাণা গোস্বামীয়ে৷
আজি ৰাণা গোস্বামীয়ে কয় যে তেওঁক মই কংগ্রেছ এৰি নাযাবলৈ কৈছিলোঁ৷ ইফালে ৰাণা গোস্বামীয়ে কয় যে ইতিমধ্যে সুশান্তৰ বৰগোহাঁইৰ সৈতে হোৱা আনুষ্ঠানিক বৈঠকৰ বিষয়ে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাক অৱগত কৰা বুলি জানিবলৈ দিয়ে আৰু শীঘ্রে দলে সুশান্তলৈ কাৰণ দশোর্ৱাৰ জাননী প্রেৰণ কৰিব বুলি প্রকাশ কৰে৷
ইয়াৰ পূর্বে তেওঁ থাওৰাৰ ৰাজীৱ ভৱনত কংগ্রেছৰ বিশখন মণ্ডলৰ সভাপতি-সম্পাদকসকলৰ সৈতে এখন বৈঠকত মিলিত হয়৷ দলীয় কর্মীসকলক কোনো কাৰণতে হতাশ নহ’বলৈ ৰাণা গোস্বামীয়ে কৈ কয় সুশান্ত বৰগোহাঁয়ে দলীয় কর্মীসকলক প্রতাৰণা কৰিছে৷ ইফালে আজি বিশেষ বৈঠকত উপস্থিত থকা অসম প্রদেশ কংগ্রেছ কমিটীৰ সম্পাদক সূৰুয দিহিঙীয়াই সুশান্ত বৰগোহাঁইক উদ্দেশ্যি কয় যে সুশান্তই হাতৰ মাছটো এৰি বোকাৰ মাছ ধৰিবলৈ হাত মেলিছে৷
এনে কার্যই তেওঁক কেনেদৰে উপকৃত কৰে সেয়া সময়েহে নিধাৰণ কৰিব৷ ইফালে অসম প্রদেশ কংগ্রেছ কমিটীৰ সদস্য জ্যেষ্ঠ কংগ্রেছ নেতা মনোৰঞ্জন কোঁৱৰে কয় যে সুশান্ত বৰগোহাঁয়ে থাওৰাবাসীক বিশ্বাসঘাতকতা কৰিছে৷ তেওঁ কংগ্রেছ এৰি গ’লেও থাওৰাৰ কংগ্রেছ কমিটী সদায়ে শক্তিশালী হৈয়ে থাকিব আৰু আগন্তুক উপ নির্বাচনত পুনৰ থাওৰাৰ ৰাইজে কংগ্রেছ দলৰ প্রার্থীক জয়ী কৰাব৷
আজিৰ বিশেষ বৈঠকত শিৱসাগৰ জিলা কংগ্রেছৰ সভাপতি লক্ষী সন্দিকৈ, প্রদেশ কংগ্রেছৰ নেতা শুভমিত্র গগৈ, প্রাঞ্জল ঘাটোৱাৰ, মঞ্জিৰ গগৈ, থাওৰা ব্লক কংগ্রেছৰ সভাপতি ডম্বৰু টাও, মহিলা কংগ্রেছৰ সভাপতি বুলুমণি চেতিয়া, যুৱ কংগ্রেছৰ সভাপতি দেৱজিৎ চেতিয়া, কংগ্রেছ নেতা বিনোদ কোঁৱৰ,
জিতু চাংমাইৰ লগতে শতাধিক কর্মী উপস্থিত থাকে৷ ইফালে আজি বিধায়ক সুশান্ত বৰগোহাঁইৰ ঘৰত সমর্থকসকলৰ বৈঠক অনুষ্ঠিত হয়৷ শেহতীয়াকৈ জানিব পৰা অনুসৰি, ত্রিশ জুলাইত সুশান্ত বৰগোহাঁয়ে কংগ্রেছ দল ত্যাগ কৰিব আৰু দুই আগষ্টত বিজেপি দলত যোগদান কৰিব৷
উল্লেখযোগ্য যে থাওৰা ব্লক কংগ্রেছৰ ওঠৰখন মণ্ডলে ইতিমধ্যে সুশান্ত বৰগোহাঁইক আগন্তুক দিনত পৰাস্ত কৰিবলৈ সংকল্প গ্রহণ কৰিছে আৰু আগন্তুক দিনত থাওৰা ৰাজনৈতিক পৰিৱেশ উত্তাল হ’ব ই নিশ্চিত৷
Comments