গুৱাহাটী, ২৯ জুলাইঃ বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ৰুজু হোৱা পৰ্ণ’গ্ৰাফী গোচৰ সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে কুন্দ্ৰাক জেৰা অব্যাহত ৰাখিছে। ইপিনে, বিগত কিছুদিনৰ পৰা ৰাজ আৰু শিল্পাৰ নামটোৱে বাতৰিৰ শিৰোনাম দখল কৰি থকা অৱস্থাতে আন এক খবৰ আহি পৰিছে।
ৰাজ কুন্দ্ৰাক বিগত ১৯ জুলাই তাৰিখে গ্ৰেপ্তাৰ কৰা হৈছিল, আৰু তেতিয়াৰ পৰা তেওঁ কোনো সকাহ পোৱা নাই। ইপিনে, যোৱাকালি, আদালতে তেওঁৰ ন্যায়িক জিম্মা আৰু ১৪ দিনৰ বাবে বৃদ্ধি কৰে।
মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই কুন্দ্ৰাক জেৰা চলাই শেহতীয়াকৈ এক প্ৰতিবেদন প্ৰকাশ কৰিছে। য'ত উল্লেখ আছে যে, কুন্দ্ৰাই অশ্লীল চিনেমাৰ নিৰ্মাণ কৰি এপৰ জৰিয়তে প্ৰচাৰ কৰি ২০২০ চনৰ আগষ্টৰ পৰা ডিচেম্বৰ মাহলৈ প্ৰায় ১.১৭ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। এই ধনৰাশিখিনি কুন্দ্ৰাই এপল ষ্ট'ৰ আৰু গুগল পৰ্ণ এপৰ পৰা উপাৰ্জন কৰিছিল বুলি মুম্বাই আৰক্ষীয়ে আদালতক অৱগত কৰাইছে।
প্ৰতিবেদনত এইটো প্ৰকাশ পাইছিল যে কুন্দ্ৰাৰ পুৰণি চিনেমাসমূহে নিমিষতে অধিক দৰ্শকৰে ৰেকৰ্ড সৃষ্টি কৰিছিল আৰু তেওঁ ২০২৩ চনৰ ভিতৰত ৩৪ কোটি টকা উপাৰ্জন কৰাৰ পৰিকল্পনা চলাইছিল।
বৰ্তমান, কুন্দ্ৰাৰ অধিবক্তাই জামিনৰ বাবে উচ্চ ন্যায়ালয়ত আবেদন কৰিছে আৰু গ্ৰেপ্তাৰ কাৰ্যক অবৈধ বুলি আখ্যা কৰিছে। ইপিনে, আজি অনুষ্ঠিত হ'বলগীয়া কুন্দ্ৰাৰ জামিনৰ শুনানি মনকৰিবলগীয়া হ'ব।
Comments