গুৱাহাটী, ২৯ জুলাইঃ ভাৰতৰ প্ৰতিজন নাগৰিকৰ বাবে আধাৰ এক গুৰুত্বপূৰ্ণ চৰকাৰী দস্তাবেজ। সেয়া বৃদ্ধ হওক বা নৱজাতক হওক। বৰ্তমানৰ যুগত নৱজাতকৰ আধাৰ কাৰ্ডো প্ৰস্তুত কৰি উলিয়াব পাৰি। এই আধাৰ কাৰ্ডখনে বিদ্যালয়ত নামভৰ্তিৰ পৰা আৰম্ভ কৰি বিভিন্ন চৰকাৰী আঁচনিত শিশুৰ পঞ্জীয়নৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব। ইয়াৰ উপৰিও, আধাৰ নম্বৰ থাকিলে শিশুৰ পাছপোৰ্ট প্ৰস্তুতকৰণ সহজতে হয়।
আধাৰ কাৰ্ড জাৰী প্ৰস্তুত কৰা আগশাৰীৰ সংস্থা ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অৱ ইণ্ডিয়া (ইউআইডিএআই)ৰ মতে, অভিভাৱকসকলে তেওঁলোকৰ শেহতীয়াকৈ জন্ম গ্ৰহণ কৰা নৱজাতকৰ বাবেও আধাৰ কাৰ্ড বনাব পাৰে বুলি উল্লেখ কৰিছে। এই প্ৰক্ৰিয়াটো অতি সৰল হ'ব। ইয়াৰ বাবে শিশুটোৰ জন্মৰ প্ৰমাণপত্ৰৰ লগতে আধাৰ কেন্দ্ৰত অভিভাৱকৰ নথিপত্ৰ দাখিল কৰিব লাগিব।
যদিহে শিশুটোৰ জন্মৰ প্ৰমাণপত্ৰ নাথাকে তেন্তে, চিকিৎসালয়ৰ দ্বাৰা জাৰী কৰা ডিচচাৰ্জ কাৰ্ড বা স্লিপৰ আধাৰত আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ বাবে এজন পিতৃ অথবা মাতৃৰ আধাৰৰ প্ৰয়োজন হ'ব। এই দুয়োটা বস্তুৰ সৈতে, আধাৰ সেৱা কেন্দ্ৰলৈ গৈ নৱজাতকৰ আধাৰ কাৰ্ড এখন বনাব পাৰিব। ৫ বছৰৰ তলৰ শিশুৰ বায়'মেট্ৰিক, অৰ্থাৎ আঙুলিৰ ছাপ আৰু চকুৰ মণি আদি ভালদৰে বিকশিত নহয়। সেয়েহে, আধাৰ নামভৰ্তিৰ সময়ত এনে সৰু শিশুৰ বায়'মেট্ৰিক বিৱৰণ লোৱা নহয়। শিশুটোৰ বায়'মেট্ৰিক বিৱৰণ ৫ বছৰ বয়সৰ পিছতহে লোৱা হয়।
পৰৱৰ্তী সময়ত যেতিয়া শিশুটিৰ বয়স ১৫ বছৰ হয়, এই বিৱৰণবোৰ পুনৰ আপডেট কৰা প্ৰয়োজন হয়, যাতে শিশুটো ডাঙৰ হোৱাৰ পিছত সহজে তেওঁৰ আধাৰ ব্যৱহাৰ কৰিব পাৰে।
নৱজাতকৰ আধাৰ কাৰ্ড প্ৰস্তুতকৰণৰ নিয়মাৱলীঃ
১. শিশু অথবা নৱজাতকটিৰ আধাৰ নামভৰ্তিৰ বাবে, পিতৃ অথবা মাতৃয়ে আধাৰ সেৱা কেন্দ্ৰলৈ যাব লাগিব আৰু নামভৰ্তিৰ প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব।
২. যদি শিশুটোৰ বৈধ ঠিকনা প্ৰমাণ নহয়, তেন্তে শিশুটোৰ পিতৃ-মাতৃৰ আধাৰ নম্বৰ পূৰণ কৰিব লাগিব। তাৰ পিছত প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে নামভৰ্তিৰ প্ৰপত্ৰখন দাখিল কৰিব লাগিব।
৩. প্ৰপত্ৰখন দাখিল কৰাৰ পিছত শিশুটোৰ বায়'মেট্ৰিক ৰেকৰ্ড লিপিবদ্ধ কৰা হ'ব। ই হাতৰ আঙুলিৰ আঙুলিৰ ছাপ, চকুৰ ছবি ল'ব। (৫ বছৰ বয়সৰ ওপৰৰ বাবে)। প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ পিছত এটা নামভৰ্তি স্লিপ উলিয়াই পিতৃ অথবা মাতৃৰ হাতত দিয়া হ'ব।
৪. এই নামভৰ্তি স্লিপত নামভৰ্তি আইডিএ নম্বৰ আৰু তাৰিখ দিয়া হ'ব। এই নামভৰ্তি আইডিৰ সহায়ত পিতৃ অথবা মাতৃগৰাকীয়ে আধাৰস্থিতিৰ বিষয়ে জানিব পাৰে।
৫. আধাৰ নামভৰ্তিৰ ৯০ দিনৰ ভিতৰত আবেদনকাৰীৰ ঘৰত আধাৰ কাৰ্ড ডাকযোগে উপলব্ধ হ'ব।
Comments