Cartoon
View Older
গুৱাহাটী,২৯ জুলাই:কংগ্ৰেছ বিধায়ক সুশান্ত বৰগোহাঁইয়ে শাসকীয় বিজেপি দলত যোগদান কৰিব পাৰে বুলি চৰ্চা চলি থকাৰ মাজতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে (এপিচিচি) বিধায়কজনক কাৰণ দৰ্শোৱাৰ বাবে জাননী প্ৰদান কৰে।থাওৰাৰ কংগ্ৰেছ বিধায়ক বৰগোহাঁইক ৩১ জুলাইৰ আগতে নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাইছে।
এপিচিচিৰ সাধাৰণ সম্পাদক (প্ৰশাসক) অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই স্বাক্ষৰ কৰা এই জাননীখনত কোৱা হৈছে যে,"বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই এটা বিবৃতিত কৈছিল যে আপুনি শীঘ্ৰেই বিজেপিত যোগদান কৰিবলৈ ওলাইছে।সেয়েহে, মাননীয় এপিচিচিৰ সভাপতিয়ে আপোনাক ৩১ জুলাইৰ দিনা বা তাৰ আগতে এই বিষয়ত আপোনাৰ স্থিতি স্পষ্ট কৰিবলৈ নিৰ্দেশ দিছে ।"
Comments