গুৱাহাটী,২৭ জুলাই:বৰপেটাৰ মাধৱচৌধুৰী মহাবিদ্যালয়ত প্ৰায় ছমাহ পুৰ্বে সংঘটিত হোৱা ৰাজ্য কপোৱা ঈশান উদয় জলপানিৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত এজনক আটক কৰিবলৈ সক্ষম হয় বৰপেটা আৰক্ষী ৷ সুদীৰ্ঘ ছমাহ কাল আৰক্ষীয়ে তদন্ত কৰি কালি মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ কৰ্মচাৰী ৰতন হাজৰিকাক আটক কৰে ৷ মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয় আৰু বিশ্ববিদ্যালয় অনুদান আয়োগে প্ৰদান কৰা ঈশাণ উদয় বৃত্তিৰ নামত মহাবিদ্যালয়খনত সংঘটিত কেলেংকাৰীৰ সৈতে জৰিত থকাৰ অভিযোগ ৰতন হাজৰিকাৰ বিৰুদ্ধে ৷
এই সন্দৰ্ভত মহাবিদ্যালয়খনৰ অধ্যক্ষই যোৱা ৯ ফেব্ৰুৱাৰীত বৰপেটা সদৰ থানাত এজাহাৰ দাখিল কৰি বিষয়টোৰ তদন্ত বিচাৰিছিল ৷ উল্লেখ্য যে , দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক উদগনি দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা ঈশান উদয় জলপানিৰ নামত সংঘটিত হৈছিল বৃহৎ কেলেংকাৰী ৷ বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অধ্যক্ষৰ চহী জাল কৰাৰ লগতে পাছৱৰ্ড আৰু অ' টি পি চুৰি কৰি এক দুষ্ট চক্ৰই ১ কোটিৰো অধিক টকা আত্মসাৎ কৰাৰ ফাণ্ড ৰচনা কৰিছিল ৷
আবেদনকাৰী ছাত্ৰ-ছাত্ৰীসকলে আবেদনৰ প্ৰপত্ৰ অনলাইন পূৰণ কৰাৰ পুৰ্বে প্ৰপত্ৰখনত শিক্ষানুষ্ঠানখনৰ মুৰব্বীৰ চহীৰ আৱশ্যক ৷ আবেদন কাৰী ছাত্ৰ-ছাত্ৰীসকলৰ পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন ৪ লাখ ৫০ হাজাৰৰ তলৰ হ'ব লাগিব ৷ আবেদনকাৰীৰ নথি পত্ৰৰ সম্পুৰ্ণ ৰূপে সত্যতা নিৰূপণ হোৱাৰ পিচত প্ৰতিজন আবেদন কাৰীয়ে প্ৰতি মাহে ৫ হাজাৰ ৪০০ টকাকৈ বছৰি ৬৪ হাজাৰ ৮০০ টকা জলপানি হিচাপে লাভ কৰিব ৷ কিন্তু এই গোটেই প্ৰক্ৰিয়াত জালিয়াতি কৰি এক দুষ্ট চক্ৰই বৰপেটা চহৰৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ৰোল নম্বৰ জালিয়াতি কৰি ভূৱা ছাত্ৰ-ছাত্ৰীৰ নামত জাল মাৰ্কশ্বীট ব্যৱহাৰ কৰাৰ লগতে মহাবিদ্যালয়খনৰ অধ্যক্ষৰ চহী জাল কৰি এই ধন মোকলাই নিয়াৰ চেষ্টা চলায়।
Comments