Classifieds
View All
গুৱাহাটী,২৭ জুলাই:অসমৰ কাছাৰ জিলাৰ অসম-মিজো সীমান্তত কালি মিজো নিৰাপত্তাৰক্ষী আৰু দুস্কৃতিকাৰীয়ে চলোৱা গুলীচালনাত ছয় গৰাকীকৈ অসম আৰক্ষীৰ জোৱান নিহত হোৱাৰ লগতে কেইবাগৰাকী জোৱান আহত হয় ৷
বৰপেটাৰ নজমূল হক নামৰ অসম আৰক্ষীৰ জোৱান গৰাকীও কালি দুস্কৃতিকাৰীৰ আক্ৰমণত নিহত হয় ৷ বৰপেটা জিলাৰ হাউলী থানাৰ অন্তৰ্গত কদমগুৰি গাঁওৰ নজমুল হকে প্ৰায় ১৪ বছৰ ধৰি অসম আৰক্ষীৰ জোৱান হিচাপে সেৱা অব্যাহত ৰাখিছিল ৷ অমায়িক আৰু শান্ত স্বভাৱৰ নজমূল হকৰ আকস্মিক মৃত্যুৰ খবৰে বৃহত্তৰ দাবালীয়াপাৰা আৰু কদমগুৰি অঞ্চলত শোকৰ ছাঁ পেলায় ৷
Comments