টকিঅ’, ২৭ জুলাই ঃ অসম তনয়া লাভলীনা বৰগোহাঁই টকিঅ’ অলিম্পিকৰ বক্সিং ইভেণ্টত কমেও ব্রঞ্জৰ পদক দখলৰ পথত মাথোঁ এখোজ আঁতৰত আছে৷ প্রতিযোগিতাৰ ৬৯ কেজি ওজন শাখাৰ প্রি-কোৱার্ৰ ফাইনেলত মঙলবাৰে জার্মান প্রতিপক্ষ নাদিন এপটেজক হৰুৱাই কোৱার্ৰ ফাইনেলত প্রৱেশ কৰে লাভলীনাই৷ নিজতকৈ ১২ বছৰ ডাঙৰ নাদিনৰ বিৰুদ্ধে ৩-২ ব্যৱধানত জয়েৰে ২৩ বছৰীয়া অসম তনয়াগৰাকীয়ে পদকৰ সম্ভাৱনা সজীৱ ৰাখিছে৷
অলিম্পিকত অভিষেক ঘটোৱা লাভলীনাই ৩০ জুলাইত চতুর্থ বাছনিৰ চাইনীজ টাইপীৰ নিন-চিন চেনৰ বিৰুদ্ধে খেলিব৷ দুবাৰৰ বিশ্ব আৰু এছিয়ান চেম্পিয়নশ্বিপৰ ব্রঞ্জৰ পদক জয়ী লাভলীনাই চাইনীজ টাইপীৰ প্রতিপক্ষক হৰুৱাব পাৰিলেই কমেও ব্রঞ্জৰ পদক নিশ্চিত কৰিব৷ ৩৫ বছৰীয়া এপটেজৰ বিৰুদ্ধে লাভলীনাই প্রথম ৰাউণ্ডত আক্রমণাত্মক খেল খেলাৰ পাছত নিজৰ ৰণ-নীতি সলনি কৰে৷ পৰৱর্তী পর্যায়ত তেওঁ ৰক্ষণাত্মক খেল খেলি প্রতিপক্ষক সুযোগ বুজি আক্রমণ চলায়৷
Comments