গুৱাহাটী, ২৮ জুলাইঃ দিছপুৰৰ অসম সচিবালয়ৰ কাষৰ চুপাৰমাৰ্কেট উৰণীয়া সেতুখন সম্ভৱতঃ দেৱালীৰ ভিতৰত সাজু হৈ উঠিব বুলি লোকনিৰ্মাণ বিভাগে জানিবলৈ দিছে। লগতে উৰণীয়া সেঁতু নিৰ্মাণৰ কাম দ্ৰুত গতিত আগবাঢ়ি আছে বুলিও লোকনিৰ্মাণ বিভাগৰ বিষয়াসকলে জানিবলৈ দিয়ে। ২০১৯ চনৰ ৮ ছেপ্টেম্বৰত আধাৰশিলা স্থাপন কৰা চুপাৰমাৰ্কেট উৰণীয়া সেঁতুখনৰ দৈৰ্ঘ্য প্ৰায় ১.৪ কিলোমিটাৰ। উক্ত সেঁতুখন ১২৭.২০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে।
আনহাতে দায়িত্ব গ্ৰহণ কৰাৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লোকনিৰ্মাণ বিভাগৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হৈ বিভাগক ৩০ ছেপ্টেম্বৰৰ ভিতৰত চুপাৰমাৰ্কেট উৰণীয়া সেঁতুখন সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।
গণেশগুৰিৰ যানবাহনে ভিৰ কৰাৰ সময়ত দিছপুৰ অঞ্চলৰ চাৰিওফালে তীব্র যান-জঁটৰ সৃষ্টি হৈ আহিছিল। বৰ্তমান চুপাৰমাৰ্কেট উৰণীয়া সেঁতুখন সাজু হৈ উঠাৰ পিছত নিশ্চিতভাৱে কিছু যথেষ্ট যান-জঁটৰ সমস্যা কম হ'ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে জনায়।
ইপিনে, বৰ্তমান নিৰ্মাণ কাৰ্যই মহানগৰীৰ যান-বাহনৰ গতি যথেষ্ট হ্ৰাস কৰিছে, কিয়নো দিছপুৰ, জিএনআৰচি, ডাউনটাউন আৰু চুপাৰমাৰ্কেট অভিমুখে যোৱা যানবাহন সমূহ চাৰিওফালৰ এলেকা অতিক্ৰম কৰিবলৈ যথেষ্ট সময় লাগে।
আনহাতে, চুপাৰমাৰ্কেট উৰণীয়া সেঁতুখনত তিনিটা বাহু থাকিব: প্ৰথমটো গণেশগুৰিৰ ফালে, দ্বিতীয়টো অসম সচিবালয়ৰ পৰা ডাউন টাউন হাস্পাতালৰ ফালে আৰু তৃতীয় বাহুটো চুপাৰমাৰ্কেটৰ ফালে হ'ব। উৰণীয়া সেঁতুখন সম্পূৰ্ণ হৈ উঠাৰ পিছত খানাপাৰাক দিচপুৰ চুপাৰমাৰ্কেটৰ সৈতে সংযোগ কৰিব, আৰু গণেশগুৰিৰ পৰা দিছপুৰ লাষ্টগেট অভিমুখী যাত্ৰা দ্ৰুত কৰিব। উৰণীয়া সেঁতুখন মিৰ্জা নিৱাসী তথা স্থানীয় ঠিকাদাৰ অনিল দাসক নিৰ্মাণৰ দায়িত্ব দিয়া হৈছে।
Comments