গুৱাহাটী, ২৮ জুলাইঃ কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ প্ৰকাশ কৰিছ যে কভিশ্বিল্ড ভেকছিনে ক'ৰনা ভাইৰাছৰ বিৰুদ্ধে ৯৩ শতাংশ সুৰক্ষা প্ৰদান কৰে আৰু মৃত্যুৰ হাৰ ৯৮ শতাংশ হ্ৰাস কৰে। সেয়েহে চৰকাৰে সকলো লোককে ক'ভিড ভেকছিন ল'বলৈ আগবাঢ়ি অহাৰ বাবে আহ্বান জনায়।
নীতি আয়োগৰ সদস্য (স্বাস্থ্য) ডাঃ ভি কে পলে জানিবলৈ দিয়ে যে, "ক'ৰনা ভাইৰাছৰ ডেল্টা প্ৰকাৰে দেশত মহামাৰীৰ দ্বিতীয় ঢৌ সৃষ্টি কৰিছে। সশস্ত্ৰ বাহিনী চিকিৎসা মহাবিদ্যালয়ে (Armed Forces Medical College) ক'ভিডৰ দ্বিতীয় ঢৌৰ ওপৰত অধ্যয়ন কৰি এখন প্ৰতিবেদন প্ৰস্তুত কৰি উলিয়াইছে। উক্ত অধ্যয়নটো ১.৫ নিযুত চিকিৎসক আৰু ক'ভিড আগশাৰীৰ কৰ্মচাৰীৰ ওপৰত সম্পন্ন কৰা হৈছিল।
ডাঃ পলে লগতে জনাইছিল যে, "যিসকল লোকক কভিশ্বিল্ডৰ প্ৰতিষেধক দিয়া হৈছিল, তেওঁলোকে ক'ভিডৰ দ্বিতীয় ঢৌৰ সময়ত ৯৩ শতাংশ সুৰক্ষা প্ৰদান কৰা দেখা গৈছিল। একে সময়তে, মৃত্যুৰ হাৰ ৯৮ শতাংশলৈ হ্ৰাস পোৱা দেখা গৈছে।" ডাঃ ভি কে পলে শেষত জনায় যে, "কোনো ভেকছিনে সংক্ৰমণ নহ'ব বুলি নিশ্চয়তা নিদিয়ে, কিন্তু ই ক'ভিডক প্ৰতিহত কৰিবলৈ সক্ষম হয়।"
Comments