গুৱাহাটী, ২৮ জুলাইঃ হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ে ড্ৰাগছ গোছৰত গ্ৰেপ্তাৰ হ'বলগীয়া এগৰাকী ৭ মাহৰ গৰ্ভৱতী মহিলাক আগতীয়া জামিন প্ৰদান কৰে আৰু কয় যে গৰ্ভৱতী মহিলাসকলক জামিন দিয়াৰ প্ৰয়োজন, কাৰাগাৰৰ নহয়।
ন্যায়াধীশ অনুপ চিটকাৰাই প্ৰদান কৰা আগতীয়া জামিনৰ ক্ষেত্ৰত পোষকতা কৰি কয় যে, কাৰাগাৰত কৰ্মচাৰীৰ সমস্যা পৰিহাৰ কৰিবলৈ গৰ্ভৱতী মহিলাগৰাকীৰ শাস্তি স্থগিত ৰখা হৈছে। তেওঁ লগতে কয় যে আদালতে গৰ্ভৱতী মহিলাসকলক কাৰাগাৰলৈ পঠিওৱাৰ পৰিৱৰ্তে জামিন প্ৰদান কৰা উঠিত। আদালতে সদায় মহিলাৰ মাতৃত্বৰ মৰ্যাদাক সন্মান জনোৱা উচিত।
ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে গোচৰটোৰ শুনানি গ্ৰহণ কৰাৰ সময়ত ন্যায়াধীশে গৰাকীয়ে বিপক্ষক প্ৰশ্ন কৰিছিল যে, "শাস্তিৰ বাবে ইমান খৰখেদা কিয়? যদি কাৰাগাৰৰ কাৰাদণ্ড পিছুৱাই দিয়া হয়, আকাশ ভাঙি নপৰে। আনকি আটাইতকৈ গুৰুতৰ অপৰাধ আৰু অভিযোগ অত্যন্ত গুৰুতৰ হ'লেও, তেওঁলোক অস্থায়ী জামিন বা শাস্তি স্থগিত ৰখাৰ বাবে যোগ্য হয়, যাক এবছৰলৈ বৃদ্ধি কৰিব পাৰি।" লগতে ১৬ পৃষ্ঠাৰ এক ৰায়ত এজন ন্যায়াধীশৰ বিচাৰমণ্ডলীয়ে কৈছিল যে, "অভিযুক্ত মহিলাগৰাকীক কাৰাগাৰত জন্ম দিয়াৰ পিছত শিশুটোৰ জন্মস্থানৰ বিষয়ে সুধিলে তেওঁৰ মনত বিৰূপ প্ৰভাৱ পেলাব পাৰে।"
ইপিনে, আগতীয়া জামিনৰ বাবে আৱেদন কৰা মনিকা নামৰ গৰ্ভৱতী মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ সৈতে ষড়যন্ত্ৰ কৰিছিল বুলি অভিযোগ কৰা হৈছে, যাৰ ঘৰৰ পৰা আৰক্ষীয়ে ২৫৯ গ্ৰাম হেৰোইন আৰু ৭১৩ গ্ৰাম ট্ৰামাডল টেবলেট উদ্ধাৰ কৰিছিল। মহিলাগৰাকীয়ে পূৰ্বতে কাংৰাৰ বিশেষ ন্যায়াধীশৰ সন্মুখত জামিনৰ আবেদন দাখিল কৰিছিল কিন্তু তেওঁৰ আবেদন ১৯ জানুৱাৰীত নাকচ কৰা হৈছিল।
পৰৱৰ্তী সময়ত ২৩ ফেব্ৰুৱাৰীত উচ্চ ন্যায়ালয়ে মহিলাগৰাকীক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে। আৱেদনকাৰীৰ হৈ উপস্থিত থকা অধিবক্তা ৰাজীৱ শৰ্মাই শুনানিৰ সময়ত আদালতক অৱগত কৰিছিল যে, "মনিকা গৰ্ভধাৰণৰ সপ্তম মাহৰ অৱস্থাত আছে আৰু কিছু চিকিৎসাজনিত জটিলতাৰ সন্মুখীন হৈ আছে।" লগতে মহিলাগৰাকীৰ অধিবক্তা গৰাকীয়ে আদালতক কয় যে, "প্ৰায় এক দশক আগতে বিবাহ পাশত আৱদ্ধ হোৱা মনিকাৰ কোনো ধৰণৰ অপৰাধমূলক গোচৰৰ সৈতে সংযোগ নাই। অৱশ্যে, তেওঁৰ স্বামীয়ে এটি অপৰাধমূলক ঘটনাৰ সৈতে জড়িত আছিল।
Comments