গুৱাহাটী, ৩১ জুলাইঃ অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে (এএইচএছইচি) আজি পুৱা ৯ বজাত উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰিব। উক্ত ফলাফলসমূহ ৯ টা অফিচিয়েল আৰু অনানুষ্ঠানিক ৱেবছাইটত প্ৰকাশ কৰা হ'ব, যাৰ ভিতৰত আছে অসম ৰিজাল্ট ডট ইন (assamresult.in) আৰু এএইছএছইচি ডট অসম ডট গ'ভ ডট ইন (ahsec.assam.gov.in)।
এই বছৰ, ৰাজ্যখনৰ ক'ভিড পৰিস্থিতিৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নাছিল আৰু শিক্ষাৰ্থীসকলৰ পূৰ্বৰ পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি ফলাফলসমূহ প্ৰস্তুত কৰি প্ৰকাশ কৰিব।
ইপিনে, শিক্ষাৰ্থীসকলে মাৰ্কশ্বীটসমূহ অনলাইনযোগে সংগ্রহ কৰিব, ইয়াৰ বাবে শিক্ষাৰ্থীসকলে ৰোল নম্বৰসহ অফিচিয়েল ৱেবছাইটত লগইন কৰিব লাগিব বুলি ব'ৰ্ডে জানিবলৈ দিয়ে।
আনহাতে, এইবাৰ মুঠ ২,৪৯,৮১২ গৰাকী শিক্ষাৰ্থী দ্বাদশ শ্ৰেণীৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে। ইয়াৰে বিজ্ঞান শাখাৰ ৩৮,৪৩০ জন, কলা শাখৰ ১,৯১,৮৫৫ জন আৰু বাণিজ্য শাখাৰ ১৮,৪৪৩ জন শিক্ষাৰ্থী অৱতীৰ্ণ হৈছে। লগতে বৃত্তিমূলক শাখাত মুঠ ১,০৮১ জন শিক্ষাৰ্থী অৱতীৰ্ণ হৈছে। ফলাফলসমূহ পুৱা ৯ বজাৰ আগতে ইমেইলযোগে শিক্ষানুষ্ঠান আৰু পৰীক্ষা কেন্দ্ৰসমূহলৈ প্ৰেৰণ কৰা হ'ব বুলি, মাধ্যমিক শিক্ষা পৰিষদে জানিবলৈ দিয়ে।
Comments