গুৱাহাটী, ৩০ জুলাইঃ দেশৰ ৰাজধানী দিল্লীত বাস কৰা এজন ৬১ বছৰীয়া চিকিৎসকে সম্পূর্ণ ছিটাকৰণ কৰাৰ পিছতো ৩ বাৰকৈ ক'ভিডত আক্রান্ত হোৱা বুলি জানিব পৰা গৈছে। এইটোৱে এনেধৰণৰ প্ৰথম ঘটনা, কিয়নো ইয়াৰ পূর্বে চিকিৎসকসকলে ক'ভিড ভেকছিনৰ দুয়োটা পালি লোৱাৰ পিছতো দুবাৰকৈ ক'ভিডত আক্রান্ত হৈছিল।
হাৰ্ট কেয়াৰ ফাউণ্ডেচনে, ক'ৰনা ৰোগীৰ ওপৰত কৰা এক অধ্যয়নৰ পিছত দাবী কৰিছিল যে ছিটাকৰণ কৰাৰ পিছত চিকিৎসকজনক প্ৰথমে ক'ৰনাৰ আলফা প্ৰকাৰৰ দ্বাৰা আক্রান্ত হৈছিল আৰু তাৰ পিছত ডেল্টা প্ৰকাৰৰ দ্বাৰা আক্রান্ত হোৱা বুলি ধৰা পৰিছিল।
পৰৱৰ্তী সময়ত সমস্যা জটিল হোৱাত তেওঁক দ্বিতীয়বাৰৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। তেওঁলোকে চিকিৎসকজনে হাইপোক্সিয়া, অৰ্থাৎ শ্বাসজনিত সমস্যাত ভুগি থকা বুলি জানিব পাৰিছিল।
অৱশ্যে ৭ সপ্তাহৰ অন্তত তেওঁ সম্পূৰ্ণৰূপে আৰোগ্য হৈছিল। আনকি ভেকছিন প্ৰদান কৰাৰ আগতে, উক্ত চিকিৎসকজনৰ এবাৰ আগষ্ট ২০২০ ত ক'ৰনা আক্ৰান্ত হৈছিল। অৰ্থাৎ, তেওঁ মুঠ তিনিবাৰ সংক্ৰমিত হৈছে।
ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (আইচিএমআৰ) মতে, পুনৰ ক'ভিড আক্রান্ত হোৱাৰ আশংকা ৪.৫ শতাংশ থাকে। যদি কাৰোবাৰ ১০২ দিনৰ ব্যৱধানত সংক্ৰমণ হয়, ইয়াক এক নতুন সংক্ৰমণ বুলি গণ্য কৰা হয়।
আনহাতে, ছিটাকৰণ কৰাৰ পাছতো, যদি কাৰোবাৰ সংক্ৰমণ হয়, তেনেহ'লে সেই লোকজনক ভেকছিনৰ প্ৰভাৱ ভাঙি সংক্ৰমণ হোৱাটো বুজায়। বৰ্তমান, ৩ বাৰ আক্রান্ত হোৱা চিকিৎসকজনৰ নাম ৰাজহুৱাভাৱে প্ৰকাশ কৰা হোৱা নাই।
Comments