Cartoon
View Older
গুৱাহাটী,৩০ জুলাই:ছয়বাৰৰ বিশ্ব চেম্পিয়ন এম চি মেৰী কমে টকিঅ' অলিম্পিকত ৫১ কিলোগ্ৰাম শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত কলম্বিয়াৰ ভেলেন্সিয়াৰ হাতত পৰাজিত হৈছিল। মেৰী কমৰ পৰাজয়ৰ পিছত, এটা ডাঙৰ বিতৰ্ক হৈছে। এমচি মেৰী কমে তিনিটা ৰাউণ্ডৰ প্ৰথম দুটাত জিকিছিল। তথাপি বিচাৰকে বিপক্ষ খেলুৱৈ গৰাকীকহে বিজয়ী ঘোষণা কৰিছিল।
পাঁচজন বিচাৰকৰ তিনিজনে তাইৰ পক্ষত ৰায় দিছিল। কিন্তু ভেলেন্সিয়াৰ সপক্ষে মুঠ নম্বৰ মেৰী কমতকৈ বেছি আছিল। পৰাজয়ত হতাশ হৈ মেৰী কমে কৈছিল, 'মই নাজানো তাত কি ঘটিছিল। মোক খেলৰ ঠিক আগতে নিজৰ কাপোৰ সলনি কৰিব দিছিল । ঠিক খেলৰ আগতে এনেদৰে কাপোৰ সলনি কৰাটো অপ্ৰত্যাশিত ।"
খেলখনত বিচাৰকৰ দুৰ্বল ভূমিকাৰ ওপৰত আঙুলি উঠাই মেৰী কমে নিজৰ পৰাজয়ক একপ্ৰকাৰে মানি ল'ব পৰা নাই ।
Comments