গুৱাহাটী, ৩০ জুলাইঃ ভাৰতীয় বক্সাৰ লাভলিনা বৰগোহাঁইয়ে আজি পুৱা অনুষ্ঠিত হোৱা টকিঅ' অলিম্পিকৰ মহিলা বক্সিং কোৱাৰ্টাৰ ফাইনেল চীনৰ প্ৰতিদ্বন্দীক হৰুৱাই ছেমিফাইনেলত প্ৰৱেশ কৰাৰ লগতে পদক নিশ্চিত কৰিবলৈ সক্ষম হয়।
ইপিনে, খেলৰ অন্তত অসমৰ মহিলা বক্সাৰগৰাকীয়ে বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়া (বিএফআই)ৰ দ্বাৰা আয়োজিত এক ভাৰ্চুৱেল সংবাদমেলত নিজৰ মনোভাৱ ব্যক্ত কৰি কয় যে, "আজিৰ খেলখনৰ পূৰ্বে মই চীনৰ প্ৰতিদ্বন্দী চেনৰ হাতত চাৰিবাৰকৈ পৰাজিত হৈছিলো। সেয়েহে, আজি নিজকে প্ৰমাণ কৰিবলৈ মোৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান আছিল। মই এইবাৰ মোৰ বাবে চেনক হৰুৱাবলৈ এটা সোণালী সুযোগ লাভ কৰিছো। বক্সিং খেলৰ পূর্বে ৰিঙত নমাৰ সময়ত মোৰ কোনো ৰণনীতি নাছিল। মই যি পৰিস্থিতিয়ে নাহক, নিজকে চম্ভালি ল'ব পাৰিম বুলি খেলত নামিছিলো।"
"বৰ্তমান মই যথেষ্ট সুখী যে মই ভাল খেল দেখুৱাবলৈ সক্ষম হৈছো। বৰ্তমান মোৰ এটাই মাথো লক্ষ্য, ছেমিফাইনেলত মোৰ বিৰুদ্ধে ৰিঙত নামিব লগীয়া প্ৰতিদ্বন্দীক হৰুৱাই ফাইনেলৰ দিশে ধাৱমান হ'ম আৰু সোণৰ পদক অৰ্জন কৰিবলৈ দুৰ্দান্ত খেলত অৱতীৰ্ণ হ'ম। কিয়নো মই ব্ৰঞ্জ পদক অৰ্জন কৰিয়ে ক্ষান্ত হৈ থাকিব নিবিচাৰো। মই সোণৰ পদক অৰ্জন কৰিহে ভাৰতলৈ ঘুৰি যাব বিচাৰো।"
শেষত ২৩ বছৰীয়া লাভলিনাই আন এক প্ৰসংগত কয় যে, এমচি মেৰী কমক মই মোৰ অনুপ্ৰেৰণা হিচাপে লৈছিলো। বক্সিংত প্ৰৱেশ কৰাৰ পিছৰে পৰা মেৰী কম মোৰ বাবে এক ডাঙৰ অনুপ্ৰেৰণাৰ বিষয় হৈ পৰিছে। কিয়নো তেওঁৰ সংগ্ৰামমূলক কাহিনীবোৰৰ পৰা মই যথেষ্ট অনুপ্ৰেৰণা লাভ কৰিছিলো।"
ইপিনে, অসম কন্যা লাভলিনাই আগন্তুক ৪ আগষ্টত তুৰ্কীৰ বুছেনাজ সুৰমেনেলীৰ বিৰুদ্ধে ছেমিফাইনেলত অৱতীৰ্ণ হ'ব।
Comments
টকিঅ' অলিম্পিক: জাপানৰ য়ামাগুচিক হৰুৱাই পি ভি সিন্ধুৰ ছেমিফাইনেলত প্ৰৱেশ
Published on July 30, 2021|News Source : অৰূপ ডেকা
বৰ্তমান খেলুৱৈ গৰাকীয়ে ছেমিফাইনেল, আৰু ফাইনেল খেলৰ দিশে ধাৱমান হ'বলৈ দুৰ্দান্ত অনুশীলন অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে।