গুৱাহাটী, ৩০ জুলাইঃ বিশ্ব মানৱ সৰবৰাহ বিৰোধী দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি ছিকিমত মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ কৰা শিশুসকলৰ সৈতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এক মত-বিনিময় অনুষ্ঠান মিলিত হয়।
উক্ত অনুষ্ঠানত সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ হোৱা শিশুসকলৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ উদ্দেশ্যৰে শিশুসকলৰ পৰিয়ালবৰ্গক অসম চৰকাৰৰ তৰফৰ পৰা এক বিত্তীয় সাহায্য প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
ইপিনে, বিটিচিৰ পৰা প্ৰতিজন মানৱ সৰবৰাহৰকাৰীৰ কৱলৰ পৰা উদ্ধাৰ হোৱা শিশুসকলৰ অভিভাৱকক ২০,০০০ টকাৰ চেক প্ৰদান কৰা হৈছে বুলি মুখ্যমন্ত্রী গৰাকীয়ে জানিবলৈ দিয়ে।
উক্ত অনুষ্ঠানত মুখ্যমন্ত্রী গৰাকীয়ে মানৱ সৰবৰাহৰ ফলত ক্ষতিগ্রস্ত হোৱা ১০ খন গাঁৱৰ ৪০ টি শিশুৰ সৈতে অন্তৰংগ আলোচনাত মিলিত হয় তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত কৰিব বুলি মন্তব্য প্ৰদান কৰে।
শেষত মুখ্যমন্ত্রী গৰাকীয়ে মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ হোৱা শিশুসকলক বিদ্যালয়লৈ পঠিয়াবলৈ চিৰাঙৰ শিশু কল্যাণ সমিতিক উপযুক্ত পদক্ষেপ ল'বলৈ নিৰ্দেশনা দিয়ে।
Comments