গুৱাহাটী, ৩১ জুলাইঃ মিজোৰামৰ সাংসদ কে ভেনলালভেনাই অসম আৰু মিজোৰামৰ মাজত হোৱা সীমান্ত সংঘৰ্ষৰ ওপৰত অসম আৰক্ষীক পুনৰ হত্যাৰে প্ৰত্যুত্তৰ দিয়া হ'ব বুলি প্ৰদান কৰা ভাবুকিজনক মন্তব্যৰ পিছতে আশ্চৰ্য্যজনক ভাৱে সন্ধানহীন হৈ আছে।
ইপিনে, অসম আৰক্ষী আৰু চিআইডিৰ এটি দল দিল্লীত উপস্থিত হৈ আৰু মিজোৰামৰ সাংসদ কে ভেনলালভেনাক বিচাৰি নোপোৱাত সাংসদগৰাকীৰ দুৱাৰত এখন জাননী আৰি থৈ আহে।
উক্ত জাননীখন আইপিচিৰ ধাৰা ৪১ (ক)ৰ অধীনত জাৰী কৰা হয়। আনহাতে, দিল্লী আৰক্ষীয়েও এই বিষয়টোত অসম আৰক্ষী আৰু চিআইডি দলক সহায় আগবঢ়াইছে।
আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া অনুসৰি বৰ্তমান সাংসদজন আশ্চর্যজনকভাৱে সন্ধানহীন হৈ আছে। লগতে সাংসদগৰাকী দিল্লীৰ মিজোৰাম হাউচত সন্ধান পোৱা হোৱা নাছিল।
ইপিনে, আৰক্ষীয়ে জাৰি কৰা জাননী অনুসৰি, মিজোৰামৰ সাংসদজনক ধলাই আৰক্ষী থানাত হাজিৰ হ'বলৈ জাননী প্ৰেৰণ কৰা হৈছে।
Comments