গুৱাহাটী, ৩১ জুলাইঃ মধ্য প্ৰদেশত এক আচৰিত ঘটনা পোহৰলৈ আহিছে। কিয়নো, ষষ্ঠ শ্ৰেণীৰ এজন কিশোৰে অনলাইন গেম খেলি শেষত আত্মহত্যা কৰাৰ দৰে ঘটনা সংঘটিত হৈছে।
ঘটনা অনুসৰি, ছত্ৰপুৰ জিলাৰ চিভিল লাইন এলেকাৰ সাগৰ ৰোডত বাস কৰা ১৩ বছৰীয়া কৃষ্ণ পাণ্ডে নামৰ ল'ৰাজনে মোবাইলত বিনামূলীয়া ফ্ৰী ফায়াৰ নামৰ গেমটো খেলি আছিল। ইয়াৰ ফলত ল'ৰাজনৰ মাকৰ বেংক একাউণ্টৰ পৰা ৪০,০০০ টকা প্ৰত্যাহাৰ কৰা দেখুৱাইছিল। যেতিয়া ল'ৰাজনৰ মাকে এই বিষয়ে জানিব পাৰিছিল, তেতিয়া মাতৃগৰাকীয়ে পুত্ৰ কৃষ্ণক খেলখন বাদ দিবলৈ কৈছিল। কিন্তু ১৩ বছৰীয়া ল'ৰাজনে ৪০,০০০ টকা হেৰুৱাবলগৈ হোৱাত হতাশাত ভুগি নিজকে ফাঁচী দি আত্মহত্যা কৰে।
পৰৱৰ্তী সময়ত আৰক্ষীয়ে ল'ৰাজনে মৃত্যুৰ পূর্বে লিখি থৈ যোৱা এখন চুইচাইড নোট উদ্ধাৰ কৰে। আৰক্ষীয়ে জনোৱা অনুসৰি, চুইচাইড নোটত হিন্দী আৰু ইংৰাজীত, শিশুটোৱে নিজ পিতৃ-মাতৃৰ ওচৰত ক্ষমা বিচৰাৰ কথা লিখিছিল, লগতে এই বিনামূলীয়া অনলাইন খেলখনত ধন হেৰুওৱাৰ কথাও উল্লেখ কৰিছিল।"
বৰ্তমান, ১৩ বছৰীয়া কিশোৰজনে আত্মহত্যা কৰা ঘটনাক লৈ পৰিয়ালবৰ্গ যথেষ্ট মৰ্মাহত হৈ পৰিছে। লগতে আৰক্ষীৰ তৰফৰ পৰাও উক্ত ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে।
Comments