গুৱাহাটী, ৩১ জুলাইঃ নাইজেৰিয়াৰ মহিলা দৌৰবিদ ব্লেছিং ওকাগবাৰেক খেলুৱৈসকলৰ মাজত কৰা ড'পিং পৰীক্ষাৰ (ড্ৰাগছ আসক্তক ধৰা পেলাবলৈ কৰা পৰীক্ষা) ফলাফলত পজিটিভ হিচাপে চিনাক্ত হোৱাত টকিঅ' অলিম্পিকত মহিলাৰ ১০০ মিটাৰ ছেমিফাইনেল দৌৰৰ পৰা নিলম্বিত কৰা হৈছে।
এথলেটিকছ ইণ্টিগ্ৰিটি ইউনিটে (এআইইউ) জানিবলৈ দিয়া অনুসৰি নাইজেৰিয়াৰ দৌৰবিদ গৰাকীৰ পৰা সংগ্ৰহ কৰা নমুনাই ড'পিং পৰীক্ষাত দেহত হৰমনৰ অৱস্থিতি তাৎক্ষণিকভাৱে সাল-সলনি হোৱা ঘটনাই দৌৰবিদ গৰাকী ড্ৰাগছৰ দ্বাৰা আসক্ত বুলি ধৰা পেলোৱা হৈছিল।
নাইজেৰিয়াৰ মহিলা দৌৰবিদগৰাকীৰ নমুনা ১৯ জুলাই তাৰিখে সংগ্ৰহ কৰা হৈছিল, আৰু আজি ড'পিং পৰীক্ষাৰ ফলাফলত পজিটিভ হিচাপে চিনাক্ত হোৱাত তেওঁক আনুষ্ঠানিক ভাৱে টকিঅ' অলিম্পিকৰ পৰা নিলম্বন কৰা হয়।
মহিলা দৌৰবিদ গৰাকীয়ে শুক্ৰবাৰে ১০০ মিটাৰ দৌৰত জয় লাভ কৰাৰ পিছতে আজি সন্ধিয়া অনুষ্ঠিত হ'বলগীয়া মহিলাৰ ১০০ মিটাৰ ছেমিফাইনেল দৌৰৰ বাবে যোগ্যতা অৰ্জন কৰিছিল।
বৰ্তমান, নাইজেৰিয়াৰ মহিলা দৌৰবিদ ব্লেছিং ওকাগবাৰেকে টকিঅ' অলিম্পিকৰ পৰা বিদায় ল'বলগীয়া হয়।
Comments