গুৱাহাটী, ৩১ জুলাইঃ পিঁয়াজ হৈছে এনে এক খাদ্য সামগ্রী, যাক সকলো ধৰণৰ ব্যঞ্জন তৈয়াৰ কৰোতে ব্যৱহাৰ কৰা হয়। মানুহে কেঁচা পিঁয়াজ চালাড হিচাপেও গ্ৰহণ কৰে। পিঁয়াজক সকলো মানুহৰ পাকঘৰত উপলব্ধ হোৱা দেখিবলৈ পোৱা যায়। যদিও বহুটো লোকে পিঁয়াজ অবিহনেও তৰকাৰী অথবা অন্য ব্যঞ্জন প্ৰস্তুত কৰে, কিন্তু বেছিসংখ্যক লোকে পিঁয়াজ নোহোৱাকৈ ব্যঞ্জন ৰান্ধিবই নোৱাৰে। বজাৰত কেতিয়াবা পিঁয়াজৰ মূল্য আকাশলংঘী হোৱা দেখা যায়।
আজিকালি মূল্যবৃদ্ধিৰ দিনত সদায়ে অধিক দৰত পিঁয়াজ কিনি খোৱাটো সাধাৰণ শ্ৰেণীৰ লোকৰ বাবে যথেষ্ট কঠিন হৈ পৰে। যেতিয়া পিঁয়াজৰ দৰ বৃদ্ধি হয়, তেতিয়া মানুহে ব্যঞ্জন তৈয়াৰ কৰোতে ইয়াৰ ব্যৱহাৰ কমকৈ কৰে। অধিক দৰত কিনি অনা পিঁয়াজকেইটা সোনকালে নষ্ট হৈ যোৱা বিষয়টো সাধাৰণ মানুহৰ বাবে যথেষ্ট কষ্টদায়ক হৈ পৰে। সেয়েহে, নিম্নলিখিত বিশেষ উপায়কেইটা ব্যৱহাৰ কৰি দীৰ্ঘসময়লৈ পিঁয়াজ নষ্ট হৈ নোযোৱাকৈ সতেজ কৰি ৰাখিব পাৰিব।
দীঘলীয়া সময়ৰ বাবে পিয়াজ সংৰক্ষণ কৰাৰ সহজ উপায়ঃ
১. কেঁচা পিঁয়াজ কেতিয়াও ফ্ৰিজত নাৰাখিব, ইয়াৰ ফলত পিঁয়াজৰ ভিতৰত থকা ৰস শুকাই নষ্ট হৈ যোৱাৰ সম্ভাৱনা অধিক থাকে।
২. আলু আৰু পিঁয়াজ কেতিয়াও একেলগে নাৰাখিব। আলুৰ ভিতৰত যথেষ্ট পৰিমাণত জলীয় বাষ্প থাকে, যাৰ ফলত পিঁয়াজ সোনকালে পচি যায়।
৩. পিঁয়াজ সদায় মুকলি, শুকান আৰু প্ৰাকৃতিক ভাৱে শীতল ঠাইত ৰাখক।
৪. নহৰুৰ সৈতে পিঁয়াজ সংৰক্ষণ কৰি ৰাখিব পাৰে, কিয়নো নহৰু আৰু পিঁয়াজৰ প্ৰকৃতি একেধৰণৰ।
৫. ব্যঞ্জনত পিঁয়াজৰ ব্যৱহাৰ সদায় বিশেষ ধৰণে কৰিব লাগে। ব্যঞ্জন ৰন্ধাৰ সময়ত প্ৰথমে আটাইতকৈ ডাঙৰ পিঁয়াজটো ব্যৱহাৰ কৰক। তাৰ পিছত মজলীয়া আৰু একেবাৰে শেষত সৰু পিঁয়াজ ব্যৱহাৰ কৰক। এনেদৰে ব্যৱহাৰ কৰিলে স্তৰ অনুযায়ী পিঁয়াজ দীৰ্ঘদিনলৈ সতেজ কৰি ৰাখিব পাৰি।
৬. পিঁয়াজ সদায়ে পৰিষ্কাৰকৈ ৰাখিব, লগতে কটা পিঁয়াজ কেতিয়াও অন্য পিঁয়াজৰ সৈতে একেলগে নাৰাখিব।
Comments