শিৱসাগৰ, ৩১ জুলাই: শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাই আজি দিখৌমুখ গাঁও পঞ্চায়তৰ অধীনস্থ তেলীয়াডোঙা গাঁৱত কাৰ্য্যক্ষম বিশুদ্ধ খোৱাপানীৰ গৃহ সংযোগৰ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে।
অনুষ্ঠানটিত প্ৰদান কৰা বক্তব্যত উপায়ুক্ত গৰাকীয়ে কয় যে, জনসাধাৰণে এই আঁচনিৰ দ্বাৰা খোৱাপানীৰ পৰা উদ্ভব হ'ব পৰা বিভিন্ন ধৰণৰ ৰোগৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিব পাৰিব। তেওঁ কয় যে, ২০১৯ চনৰ অক্টোবৰ মাহৰ পৰা আৰম্ভ হোৱা "জল জীৱন আঁচনি"ৰ জৰিয়তে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ভিতৰত দেশৰ প্ৰতিটো ঘৰত বিশুদ্ধ খোৱাপানী যোগানৰ লক্ষ্য স্থিৰ কৰিছে। শিৱসাগৰ জিলাটো এই লক্ষ্যত উপনীত হোৱাৰ বাবে ক্ষীপ্ৰতাৰে পদক্ষেপ গ্ৰহণ কৰা হৈ আছে বুলি তেওঁ অৱগত কৰে। বৰ্তমানে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে জিলাখনৰ ১৭৩ টা খোৱাপানী যোগান আঁচনিৰ সৱলীকৰণ আৰু সংযোজন (Retrofitting) -ৰ কাম চলি আছে।
তদুপৰি ১২৬ খন নতুন আঁচনিৰ বাবে বিভাগীয় অনুমোদন লাভ কৰা হৈছে বুলিও তেওঁ জনায়। তেওঁ উল্লেখ কৰে যে জিলাখনৰ মুঠ ৬১,৭৬৬ টা পৰিয়ালত খোৱাপানীৰ গৃহ সংযোগৰ নিৰ্ধাৰিত লক্ষ্যৰ ভিতৰত বৰ্তমানলৈ ৯,০৫৩ টা পৰিয়ালত খোৱাপানী গৃহ সংযোগৰ ব্যৱস্থা কৰা হৈছে। তেওঁ বিভাগীয় বিষয়া তথা পঞ্চায়তৰ বিষয়- ববীয়া আৰু পৰিচালনা সমিতি সমূহক আঁচনি সমূহক ফলপ্ৰসূ কৰাৰ ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ কয়। উপায়ুক্ত গৰাকীয়ে স্থানীয় ৰাইজক খোৱাপানীৰ সদব্যৱহাৰ কৰিবলৈ কোৱাৰ লগতে পানীৰ অপচয় নকৰিবলৈ আহ্বান জনায়।
তেওঁ স্থানীয় ৰাইজক আঁচনি সমূহৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। উপায়ুক্ত গৰাকীয়ে লগতে উপস্থিত সকলোকে ক'ভিড-১৯ -ৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰাৰ লগতে হাত ধোঁৱা, চেনিটাইজাৰ ব্যৱহাৰৰ কৰা, মাস্ক পৰিধান কৰা আৰু সামাজিক ব্যৱধান মানি চলিবলৈ আহ্বান জনায়।
অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আমগুৰি উপ- সংগমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা অনন্ত দত্ত, চাৰিং মণিৰাম দেৱান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিপুল বৰকটকী, দিখৌমুখ গাঁও পঞ্চায়তৰ সভাপতিৰ লগতে বিভাগীয় বিষয়া-কৰ্মচাৰী আৰু একাংশ স্থানীয় ৰাইজ উপস্থিত থাকে।
উল্লেখযোগ্য যে, তেলীয়াডোঙা পানী যোগান আঁচনিৰ সমান্তৰালকৈ আজি জিলাখনৰ দিচাংপাৰ গাঁও পঞ্চায়তৰ অধীনস্থ কোৱামৰা সন্দিকৈ গাঁও আৰু চৰগুৱা গাঁও পঞ্চায়তৰ অধীনস্থ কৈৱৰ্ত দলনী গাঁৱত বিশুদ্ধ খোৱাপানীৰ গৃহ সংযোগৰ শুভা উদ্বোধন কৰা হয়।
Comments