সোণাৰি , ৩১ জুলাই : চৰাইদেউ জিলাৰ অন্তৰ্গত জিলা পৰিষদ সমূহত সৌৰ শক্তি পৰিচালিত লাইট স্থাপন কৰাত ব্যাপক দুর্নীতি সংঘটিত কৰাৰ প্ৰমাণ লাভ কৰা বুলি প্ৰকাশ কৰি এই বিষয়ত সৰব হৈ পৰিছে কৃষক শ্রমিক সুৰক্ষা সংগ্রাম সমিতি, অসমৰ চৰাইদেউ জিলা সমিতি। সমিতিখনৰ সভাপতি ৰাজু গগৈ আৰু সাধাৰণ সম্পাদক চিত্ৰ লাহনে আজি চৰাইদেউ জিলাৰ উপায়ুক্তক এই সন্দৰ্ভত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰখনত এই বুলি কোৱা হৈছে যে, যোৱা ২৮ জুনত তাৰিখে কৃষক শ্রমিক সুৰক্ষা সংগ্রাম সমিতি, চৰাইদেউ জিলা সমিতিয়ে সৌৰ শক্তি পৰিচালিত লাইট আৰু পঞ্চদশ বিত্তীয় পৰিকল্পনাৰ নীতি-নির্দেশনা সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত বিচাৰিছিল। সেই মর্মে জিলা পৰিষদৰ কাৰ্যালয়ৰ পৰা ০৯/আৰ.টি.আই/২০২০/০২৭৮ দিনাংক ১৯-০৭/২০২১ পত্ৰৰ যোগেদি সমিতিখনক যোগান ধৰা তথ্য সমূহ পৰীক্ষা কৰাত জিলা পৰিষদে পঞ্চদশ পৰিকল্পনাৰ নীতি-নির্দেশনা সম্পূর্ণ ৰূপে ভংগ কৰা বুলি সমিতিখনৰ বিষয়ববীয়া সকল নিশ্চিত হয় বুলি স্মাৰক পত্ৰখনত উল্লেখ কৰা হৈছে। সমিতিখনৰ নেতৃত্বৰ অভিযোগ যে যিহেতু পঞ্চদশ বিত্তীয় আয়োগৰ নীতি-নির্দেশনা মতে কোনো ধৰণৰ নিৰ্মাণ সমিতিয়ে সৌৰ শক্তি লাইট সমূহ স্থাপন কৰিব নোৱাৰে যদিও অতি আশ্বর্যজনক বিষয় যে চৰাইদেউ জিলাত নিৰ্মাণ সমিতিৰ যোগেদি এই সৌৰ শক্তি লাইটসমূহ স্থাপন কৰি ব্যাপক অনিয়ম সংঘঠিত কৰা হৈছে। ইফালে তথ্য মতে প্ৰতিটো জিলা পৰিষদৰ বিপৰীতে ১২ লাখ কৈ টকা সাতখন জিলা পৰিষদ ক্রমে ৰাঙলী, সাপেখাতী, মাহমৰা, চৰাইদেউ, অভয়পুৰ, সোণাৰি আৰু বৰুৱাছালিলৈ সৰ্বমুঠ ৮৪ লাখ টকা সৌৰ শক্তি লাইট স্থাপন কৰাৰ বাবদ অনুমোদন হৈছিল।
প্ৰতিটো সৌৰ শক্তি লাইটৰ বিপৰীতে ৪০ হাজাৰ টকাকৈ প্ৰতিটো পঞ্চায়তত ত্ৰিশটাকৈ লাইট স্থাপন কৰাৰ তথ্য প্রদান কৰা হৈছে যদিও বহু ঠাইত আজিও সৌৰ শক্তি লাইট স্থাপন হোৱা নাই বুলি স্মাৰক পত্ৰখনত অভিযোগ কৰা হৈছে। যিবিলাক পঞ্চায়তত সৌৰশক্তিৰ লাইট স্থাপন হৈছে সেইবিলাকৰ কাম নিম্ন মানদণ্ডৰৰ লগতে অধিক লাভৰ আশাত মাত্র ২০ হাজাৰ টকাৰ ভিতৰত কাম সামৰণি মাৰিছে বুলি অভিযোগ কৰাৰ লগতে
বর্তমানলৈকে স্থাপন কৰা কোনো এটা সৌৰশক্তি লাইট প্ৰাক কলন মতে নোহোৱা, জনসাধাৰণক অজ্ঞাত ৰাখিবৰ বাবে ৰাজহুৱা নাম ফলক ব্যৱহাৰ কৰা নকৰা, কিছুমান পঞ্চায়তত প্ৰয়োজনীয় ঠাইত লাইট স্থাপন নকৰি শাসকীয় দলৰ পঞ্চায়ত প্ৰতিনিধিৰ ঘৰৰ সন্মুখৰ উপৰিও বিজেপি নেতা-পালিনেতাৰ ঘৰৰ সন্মুখত তিনি-চাৰিটাকৈ
সৌৰশক্তি পৰিচালিত লাইট চৰকাৰী নীতি-নির্দেশনা অমান্য কৰি স্থাপন কৰা হৈছে বুলি স্মাৰক পত্ৰখনত অভিযোগ কৰা হৈছে। সেয়ে সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰি বিহীত ব্যৱস্থা গ্ৰহণৰ বাবে স্মাৰক পত্ৰখনত উপায়ুক্ত গৰাকীক অনুৰোধ জনোৱা হৈছে। উল্লেখযোগ্য যে স্মাৰক পত্ৰখনৰ প্রতিলিপি মুখ্যমন্ত্ৰীলৈকো প্ৰেৰণ কৰা হৈছে।
Comments