Classifieds
View All
গুৱাহাটী,১ আগষ্ট:অলিম্পিক প্ৰশাসনে খেলুৱৈসকলক প্ৰতিবাদ কৰাৰ পৰা বিৰত থাকিবলৈ কোৱাৰ পিছত এই বছৰৰ খেলসমূহত পিছে দেখিবলৈ পোৱা গ'ল এক ব্যতিক্ৰম চিত্ৰ । বিশ্বজুৰি খেলুৱৈসকলে ব্লেক লাইভছ মেটাৰ শীৰ্ষক আন্দোলনৰ সৈতে একত্ৰিত হৈ নিজৰ সহযোগিতা আগবঢ়াইছে ।
গ্ৰেট ব্ৰিটেইন আৰু চিলিৰ মহিলা ফুটবল দলৰ খেলুৱৈসকলে এই মাহৰ আৰম্ভণিতে 'ইউএফএ' ইউৰোপিয়ান চেম্পিয়নশ্বিপত পৰাজিত হোৱাৰ পিছত ইংলেণ্ডৰ ৰাষ্ট্ৰীয় দলৰ কৃষ্ণাঙ্গ খেলুৱৈসকলে সন্মুখীন হোৱা বৰ্ণবৈষম্যৰ প্ৰতিবাদ হিচাপে আইকনিক ভাৱে আঁঠু লৈ খেলৰ আৰম্ভণিতে প্ৰতিবাদ সাব্যস্ত কৰিছিল। জাপানৰ মহিলা ফুটবল দলটোৱেও পিছলৈ একেটা কাম কৰিছিল,এটা জাপানী দলৰ দ্বাৰা এয়া এক বিৰল প্ৰতিবাদ। কোষ্টাৰিকাৰ জিমনাষ্ট লুচিয়ানা আলভাৰাডোৱেও দেওবাৰে নিজৰ খেলৰ পিছত এই প্ৰতিবাদ সাব্যস্ত কৰিছিল।
Comments