গুৱাহাটী, ২৯ জুলাইঃ আজি অনুষ্ঠিত হোৱা টকিঅ' অলিম্পিক মহিলাৰ খেলখনত ষষ্ঠবাৰৰ বিশ্ব বিজয়ী এম চি মেৰী কমে (৫১ কিলোগ্ৰাম) কলম্বিয়াৰ প্ৰতিদ্বন্দী খেলুৱৈ ইনগ্ৰিট লৰিনা ভেলেন্সিয়াৰ হাতত পৰাস্ত হয়।
একাধিকবাৰ এছিয়ান চেম্পিয়ন আৰু ২০১২ চনৰ লণ্ডন অলিম্পিকৰ পৰা ব্ৰঞ্জ পদক অৰ্জন কৰা ভাৰতৰ ৩৮ বছৰীয়া কিংবদন্তী বক্সাৰ গৰাকীয়ে কলম্বিয়া খেলুৱৈ গৰাকীৰ হাতত ২-৩ ব্যৱধানত পৰাজিত হোৱাত টকিঅ' অলিম্পিকৰ যাত্ৰাৰ অন্ত পৰে।
তীব্ৰ সংঘৰ্ষমূলক বক্সিং খেলখনৰ অন্তত ভাগৰি পৰা অৱস্থাত যেতিয়া ৰেফাৰী গৰাকীয়ে ভেলেন্সিয়াৰ হাত দাঙি ধৰিছিল, সেই সময়ত মেৰী কমৰ চকুত চকুপানী আৰু এক হাঁহি দেখিবলৈ পোৱা গৈছিল। মেৰী কমে ইয়াৰ পূর্বে ২০১৯ ৰ বিশ্ব চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত ভেলেন্সিয়াক পৰাস্ত কৰিছিল।
মেৰী কমৰ দৰে, ৩২ বছৰীয়া ভেলেন্সিয়াও তেওঁৰ দেশৰ বাবে এক প্ৰেৰণা। তেওঁ অলিম্পিক খেলত কলম্বিয়াক প্ৰতিনিধিত্ব কৰা প্ৰথম গৰাকী মহিলা বক্সাৰ হিচাপে বিবেচিত হৈছে লগতে অলিম্পিক পদক জয় কৰা দেশৰ প্ৰথম গৰাকী মহিলা বক্সাৰ।
Comments