গুৱাহাটী,৩০ জুলাই:বৃহস্পতিবাৰে অসমৰ সাংসদ ৰিপুন বৰাই মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি সংসদলৈ চাইকেল চলাই যায়।তেওঁৰ প্ৰতিবাদৰ ভিডিঅ'বোৰ ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত।কিছুমানে এইবোৰক এখন নাটক আখ্যা দিছে আৰু আন কিছুমানে তেওঁৰ এই ব্যতিক্ৰমী প্ৰচেষ্টাত সমৰ্থন জনাইছে।
সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি তেওঁ কয় যে,"এজন সাংসদক যদি সংসদত গুৰুত্বপূৰ্ণ বিষয়বোৰৰ ওপৰত আলোচনা কৰিবলৈ অনুমতি দিয়া নহয় তেন্তে জনচক্ষুত সাংসদজনৰ কোনো মূল্যয়ে নাথাকিল।চৰকাৰে আমাক সংসদত ইন্ধন বৃদ্ধিৰ দৰে বিষয়বোৰৰ ওপৰত আলোচনা কৰিবলৈ অনুমতি দিয়া নাই, সেয়েহে আমি অত্যাধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে এনেদৰেই প্ৰতিবাদ কৰিব লাগিব।"
"পেট্ৰ'ল,ডিজেলৰ লগতে ঔষধৰো দাম বাঢ়িছে।কিন্তু সাধাৰণ ৰাইজৰ আয় তথা ক্ৰয় ক্ষমতা বৃদ্ধিৰ বাবে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । জনমূৰি আই কেনেদৰে বৃদ্ধি কৰিব পাৰি তাৰ কোনো দিহাই দিব পৰা নাই নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰৰ বিজেপি চৰকাৰখনে।"
Comments