Cartoon
View Older
গুৱাহাটী, ২ আগষ্টঃ বলীউডৰ সংগীত পৰিচালক অনু মালিকে আকৌ বিতৰ্কৰ মাজত সাঙোৰ খাই পৰিছে।শেহতীয়াকৈ, ইজৰাইলৰ ৰাষ্ট্ৰীয় সংগীতৰ সুৰ চুৰি কৰাৰ অভিযোগ উত্থাপিত হোৱাত সামাজিক মাধ্যমৰ সকলো মঞ্চত সাধাৰণ জনতাই অনু মালিকক ব্যাপকভাৱে নিন্দা কৰিছে।
ইজৰাইলৰ জিমনাষ্ট ডলগোয়াটে শেহতীয়াকৈ টকিঅ'ত অনুষ্ঠিত অলিম্পিক খেলত সোণৰ পদক অৰ্জন কৰাৰ পিছত বঁটা প্ৰদান অনুষ্ঠানৰ সময়ত বজোৱা ৰাষ্ট্ৰীয় সংগীতৰ সুৰে সকলোৰ দৃষ্টি আকৰ্ষণ কৰিছিল। কিয়নো ৰাষ্ট্ৰীয় সংগীতৰ সুৰটো অনু মালিকে 'দিলজালে' চিনেমাখনৰ গান এটাত ব্য়ৱহাৰ কৰিছিল।
তাৰ পিছতকতে সামাজিক মাধ্যমত সকলো লোকে অভিযোগ কৰিছিল যে অনু মালিকে ১৯৯৬ চনৰ দিলজালে চলচ্চিত্ৰৰ 'মেৰা মুলক মেৰা দেশ হে' গানটোৰ সুৰত ইজৰাইলৰ ৰাষ্ট্ৰীয় সংগীতৰ সুৰ চুৰি কৰিছে। লগতে সকলোয়ে সংগীত পৰিচালক গৰাকীক প্ৰচুৰ নিন্দা কৰিছে।
Comments