গুৱাহাটী,২ আগষ্ট:ভাৰতৰ প্ৰায় প্ৰতিটো পৰিয়ালে চাহৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত। বেছিভাগ মানুহেই ইয়াৰ প্ৰতি আসক্ত। এই চাহৰ আসক্তিটোক ব্যৱসায়লৈ ৰূপান্তৰিত কৰি যদি কোনোবাই কোটি কোটি টকা উপাৰ্জন কৰে তেন্তে আপোনাৰ কি ধাৰণা হ'ব? মধ্য প্ৰদেশৰ ৰেৱাৰ পৰা অনুভৱ দুবে আৰু তেওঁৰ বন্ধু আনন্দ নায়কে এই একেটা চাহৰ আসক্তিকেই ব্যৱসায়লৈ ৰূপান্তৰিত কৰি বহু লোকক নিযুক্তি প্ৰদান কৰাৰ লগতে কোটি কোটি টকাৰ ব্যৱসায় কৰি আহিছে।
অনুভৱ দুবে উক্ত গাওঁখনত অষ্টম শ্ৰেণীলৈকে অধ্যয়ন কৰিছিল। তাৰ পিছত তেওঁৰ দেউতাকে তেওঁক পৰৱৰ্তী অধ্যয়নৰ বাবে ইন্দোৰলৈ পঠিয়াইছিল। তাত অনুভৱে আনন্দ নায়কক লগ পাইছিল । আনন্দে কেইবছৰমানৰ পিছত পঢ়া বাদ দিছিল আৰু তেওঁৰ আত্মীয়ৰ সৈতে এটা ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিছিল। অনুভৱৰ পিতৃ-মাতৃয়ে তেওঁক ইউপিএছচিৰ বাবে প্ৰস্তুতি কৰিবলৈ দিল্লীলৈ পঠিয়াইছিল। তেওঁলোকে বিচাৰিছিল যে তেওঁলোকৰ পুত্ৰ আইএএছ হওক। কিন্তু আনন্দৰ সেইবোৰত ইচ্ছা নাছিল।
এই সকলোবোৰ এৰি আনন্দ আৰু অনুভৱে ২০১৬ চনত চাহ সুট্টা বাৰ আৰম্ভ কৰিছিল। বৰ্তমান তেওঁলোকৰ সমগ্ৰ দেশত ১৬৫ খন বিপনী আৰু বিদেশত ৫ খন বিপনী আছে। একে সময়তে, তেওঁ ২৫০ টা পৰিয়ালক এই বিপনি সমূহেৰে ভৰণ পোষণো কৰি আছে।বৰ্তমান ১৮ লাখ গ্ৰাহকে প্ৰতিদিনে সমগ্ৰ দেশতে তেওঁলোকৰ বিপনীলৈ যায়।
এতিয়া তেওঁলোকে নিজৰ বিপনিসমূহত ৯ টা বেলেগ বেলেগ সোৱাদযুক্ত চাহ বিক্ৰী কৰে কিন্তু সকলোবোৰৰ মূল্য একে। তেওঁলোকে প্ৰতিদিনে আদা, ইলাচী, পান, কেশৰ, তুলসী, নেমু আৰু মচলাযুক্ত চাহ বিক্ৰী কৰে। চাহ সুট্টা বাৰৰ মেনুত ১০ টকাৰ পৰা ১৫০ টকালৈকে চাহ আছে। সোনকালেই তেওঁলোকে তেওঁলোকৰ বিপনীসমূহৰ সংখ্যা বৃদ্ধি কৰিবলৈ গৈ আছে। তেওঁ কয় যে সমগ্ৰ দেশৰ প্ৰতিখন সৰু চহৰত চাহ বিপনিৰ এনে আৰ্হি ৰখাটো আমাৰ প্ৰয়াস।
Comments