সোণাৰি, ২ আগষ্ট : সোণাৰি নগৰৰ কাষৰীয়া বানফেৰা অঞ্চলৰ এজন ব্যক্তিৰ কুকুৰাগৰালত আজি পুৱা এটা নাহৰফুটুকী বাঘ আবদ্ধ হৈ পৰা ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হয়। জানিব পৰা মতে অঞ্চলটোৰ ৰমেশ কেওঁট নামৰ লোকজনৰ বাৰীত থকা কুকুৰাগৰালটোৰ পৰা আজি পুৱা বাঘৰ গোজৰণিৰ শব্দ পোৱাত লোক জনে গৰালটোৰ কাষ চাপি যোৱাত এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ সোমাই থকা দেখা পাই চিঞৰ বাখৰ আৰম্ভ কৰে।
নিশা খাদ্যৰ সন্ধানত অহা বাঘটো কুকুৰাগৰালটোত সোমায় যদিও ওলাব নোৱাৰাত তাতেই আবদ্ধ হৈ পৰিছিল। খবৰটো ৰাষ্ট্ৰ হৈ পৰাৰ লগে লগে নাহৰফুটুকীটো চাবলৈ স্থানীয় ৰাইজে আহি ভিৰ কৰেহি। ৰাইজে কৌশলেৰে গৰালটোৰ দুৱাৰ বন্ধ কৰি সোণাৰি আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত খবৰ দিয়ে। পৰৱৰ্তী সময়ত বন কৰ্মীৰ দল এটা পিঞ্জৰা এটা সহ উক্ত স্থানত উপস্থিত হৈ ৰাইজৰ সহযোগত কৌশলেৰে বাঘটো পিঞ্জৰটোত সুমুৱাই লৈ আহে। জানিব পৰা মতে বন বিভাগে বাঘটো অভয়পুৰ সংৰক্ষিত বনাঞ্চলত ইতিমধ্যে মুকলি কৰি দিছে।
Comments